Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ প্ৰচাৰ বিমুখ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজু ৰংপীৰ আদিবাসী অডিঅ গীত শীঘ্ৰেই মুক্তিৰ পথতঃ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ প্ৰচাৰ বিমুখ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজু ৰংপীৰ আদিবাসী অডিঅ গীত শীঘ্ৰেই মুক্তিৰ পথতঃ

বিশ্বনাথ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৯ ফেব্ৰুৱাৰী ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ একেবাৰে পিছপৰা ১ নং দিলীচাং গাওঁৰ প্ৰচাৰবিমুখ কাৰ্বি জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজু ৰংপী ৷ অতি দুখ কষ্টৰ মাজতো নিৰৱে সংগীতৰ সাধনা কৰি আহিছে ৷ দুবেলা দুমুঠি ভাতৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগা হোৱা কণ্ঠশিল্পী গৰাকীয়ে একাগ্ৰতাৰ বলত সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে ৷ উল্লেখ্য কিছুদিন পুৰ্বে পৰিয়ালৰে দুজনকৈ আত্মীয়ক হেৰুৱাব লগা হোৱাত মানসিকভাবে ভাগি পৰিছে সকলোৰে মৰমৰ ৰাজু ৰংপী ৷ অন্য উপায়ো নাই , ভগৱানৰ নামত সান্তনা দি গীতৰ অনুশীলন চলাই যাবৰ বাবে কিশোৰমনৰ শিল্পী ৰাজু ৰংপীক উৎসাহ উদ্দীপনা দি আহিছে তেওঁৰে শুভাকাংক্ষী সকলে ৷ অৱশেষত ব্যথিত মনক কোনোমতে সংযম কৰি শুভাকাংক্ষী সকলৰ উৎসাহ উদ্দীপনাত আদিবাসী ৰোমাণ্টিক গীত এটি বাণীবদ্ধ কৰাৰ প্ৰয়াস কৰে ৷ সম্পুৰ্ণ আদিবাসী ভাষাৰ ” এক দুই তিন চাৰ বাটে , তকে পটাই লেব ৰে” শীৰ্ষক গীতটি বিশ্বনাথ চাৰিআলিৰ অংকুৰ শইকীয়াৰ সংগীত পৰিছালনা আৰু ব্যৱস্থাপনাৰে আদিবাসী গীতটি বাণীবদ্ধ কৰাবলৈ সক্ষম হয় ৷ গীতটিৰ লেখক আৰু সুৰ সংযোজন কৰিছে অসমৰ খ্যাতনামা কণ্ঠশিল্পী নৰেন পানতাঁতিয়ে ৷ মন কৰিবলগা যে অসমৰ স্বনামধন্য আদিবাসী চাহ জনগোষ্ঠীৰ কণ্ঠশিল্পী নৰেন পানতাঁতিৰ সু-দিহা পৰামৰ্শ সাপেক্ষে ৰাজুয়ে গীতটি বাণীবদ্ধ কৰাই ৷ একাধিক ক্ৰমে কাৰ্বি , আদিবাসী , বড়ো , অসমীয়া আৰু হিন্দী ভাষাত সু-স্পষ্ট আৰু সুললিত সুৰে সকলো শ্ৰেণীৰ লোকৰে অন্তৰ চুই যাব পৰাকৈ গীত গাব পৰা ৰাজুয়ে সংগীতৰ আনুষ্ঠানিক শিক্ষা অবিহনেই চৰ্চিত হৈছে ৷ সুৰৰ খলকনিৰ সৃষ্টি কৰা ৰাজু ৰংপীয়ে সদ্যসমাপ্ত Karbi Anglong Singing Suparstarৰ ৰিয়েলিটি শ্বত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰি বিশ্বনাথ জিলাখনৰ এক গৌৰৱ কঢ়িয়াই আনে ৷ সম্প্ৰতি যুৱ কণ্ঠশিল্পী গৰাকী কাৰ্বি বোলছবিতো গীত পৰিবেশন কৰাৰ সুযোগ লাভ কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে ৷ ইতিমধ্যে বাণীবদ্ধ হোৱা আদিবাসীমুলৰ গীতটি শুভমুক্তিৰ বাবে মনস্থ কৰি যাৱতীয় প্ৰস্তুতিও সম্পুৰ্ণ কৰিছে ৷ অহা ১৫ ফেব্ৰুৱাৰীত গীতটি মুক্তি লাভ কৰিব ৷ Raju Rongpi Official নামৰ ইউটিউব চেনেলত শুভমুক্তি লাভ কৰিব লগা গীতটি উপলব্ধ হব ৷ সেয়েহে কিশোৰমনৰ শিল্পী গৰাকীৰ প্ৰথম প্ৰয়াস স্বৰূপ আদিবাসী গীতটি অসমবাসী ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে ৷ লগতে “Raju Rongpi Official ” নামৰ ইউটিউব চেনেলটি চাবক্ৰাইব , লাইক , কমেণ্ট আৰু চেয়াৰ কৰি আনকো উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আহ্বান জনাই ৰাজু ৰংপীয়ে ৷

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds