Tuesday, August 26, 2025
26.1 C
Guwahati
TOP NEWS:

বিশ্বনাথ,বিহালী  বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

- Advertisement -

বিশ্বনাথ,বিহালী  বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১,৮৬,২৪৫ গৰাকী

বিহালী বিধানসভা সমষ্টি (অনুসূচীত জাতি)ত ভোটাৰ হল ১,৫৪,০৩৭ গৰাকী

ভাৰতৰ নিৰ্বাচন আয়োগৰ সংশোধিত সময়সূচী অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত ৭০ নং বিশ্বনাথ আৰু ৭১ নং বিহালী (অনুসূচীত জাতি) বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আজি বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা এখন সংবাদমেলত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ১ জানুৱাৰী, ২০২৪ ভিত্তি বৰ্ষৰূপে লৈ আজি প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকাত জিলাখনৰ দুটা বিধানসভা সমষ্টিৰ ক্ৰমে ৭০ নং বিশ্বনাথত ১,৮৬,২৪৫ গৰাকী আৰু ৭১ নং বিহালী বিধানসভা (অনুসূচীত জাতি)ত ১,৫৪,০৩৭ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে। ইয়াৰে বিশ্বনাথত পুৰুষ ভোটাৰৰ সংখ্যা ৯২,৫৮৬ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৩,৬৫৯ গৰাকী। সেইদৰে বিহালী বিধান সভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৭৬,৯৬৪ আৰু মহিলা ভোটাৰৰ সংখ্যা ৭৭,০৭৩ গৰাকী।

সংবাদমেলত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, যোৱা ৮ ডিচেম্বৰ, ২০২৩ তাৰিখে ফটোযুক্ত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পাছত ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে বিভিন্ন জনে ৮ জানুৱাৰী, ২০২৪ পৰ্যন্ত দাবী আৰু আপত্তি দাখিল কৰিছিল। সেই দাবী আৰু আপত্তি সমুহ নিষ্পত্তি কৰাৰ পাছত ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ৩৯৫৮ গৰাকী ভোটাৰৰ নাম সংযোজন কৰাৰ বিপৰীতে ২৩০১ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হয়। এই সমষ্টিত মুঠ সংযোজন হয় ১৬৫৭ গৰাকী ভোটাৰ । একেদৰে ৭১ নং বিহালী বিধান সভা সমষ্টি (অনুসূচীত জাতি)ত

মুঠ ৩৪৫৮ গৰাকী ভোটাৰৰ নাম সংযোজন কৰাৰ বিপৰীতে ১৯৬৯ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হয়। এই সমষ্টিত মুঠ সংযোজন হয় ১৪৮৯ গৰাকী ভোটাৰ । জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হল ২১৮ টা। একেদৰে বিহালী বিধান (অনুসূচীত জাতি) সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হল ১৭৬ টা।

উল্লেখ্য যে বিশ্বনাথ সমষ্টিত ১০ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২২ গৰাকী বি এল অ চুপাৰভাইজাৰ আৰু ২১৮ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল। একেদৰে বিহালী বিধান সভা সমষ্টিত ১০ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ১৮ গৰাকী বি এল অ চুপাৰভাইজাৰ আৰু ১৭৬ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল। এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছত বিশ্বনাথ বিধানসভা সমষ্টিত ভোটাৰৰ লিংগ অনুপাত হ’ল ১০১২, ভোটাৰৰ জনসংখ্যা অনুপাত ৬৩৭ (৬৩.৭৩%) আৰু লোকপিয়ল অনুসৰি জনসংখ্যা লিংগ অনুপাত হ’ল ৯৬১। একেদৰে বিহালী বিধানসভা সমষ্টি (অনুসূচীত জাতি)ত ভোটাৰৰ লিংগ অনুপাত হ’ল ১০০১, ভোটাৰৰ জনসংখ্যা অনুপাত ৬৩৩ (৬৩.২৯%) আৰু লোকপিয়ল অনুসৰি জনসংখ্যা লিংগ অনুপাত হ’ল ৯৪৯।

আজিৰ সংবাদমেলত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱৰ উপৰিও বিশ্বনাথৰ নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন বিষয়া তৃষ্ণা মিপুন আৰু জিলাখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি তথা বিষয়ববীয়াসকল উপস্থিত আছিল।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
96 %
1.4kmh
98 %
Tue
33 °
Wed
32 °
Thu
29 °
Fri
28 °
Sat
24 °