শেহতীয়া আপডেটঃ

বিশ্বনাথত প্ৰকল্প প্ৰস্তুতৰ শিক্ষক প্ৰশিক্ষণৰ সামৰণি

 

অসম খবৰ :

২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰকল্প প্ৰস্তুতৰ বাবে বিশ্বনাথ জিলাৰ বিজ্ঞান শিক্ষকৰ মাজত ২৮, ২৯ আৰু ৩০ অক্টোবৰত তিনিদিনীয়া অনলাইন প্ৰশিক্ষণৰ সফল সামৰণি পৰে। ‘বহনক্ষম জীৱনধাৰণৰ বাবে বিজ্ঞান’ শীৰ্ষক মূল বিষয়ৰ ওপৰত ২৮ অক্টোবৰত ‘প্ৰকল্পৰ তত্ত্বাৱধায়ক’ সকলৰ মাজত অনুষ্ঠিত কৰা কৰ্মশালাখন পৰিচালনা কৰে বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ সাংগঠনিক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই। জিলা শৈক্ষিক বিষয়া বেদব্ৰত বৰা আৰু ৰবিন্দ্ৰ হাজৰিকাই আঁত ধৰা কৰ্মশালাখনৰ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ সাংগঠনিক সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মাই। তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দেৱাশিষ শৰ্মাই দায়িত্ব পালন কৰে। উল্লেখ্য যে উপায়ুক্ত গৰাকীয়ে বিশ্বনাথ জিলাৰ প্ৰত্যেক বিদ্যালয়ৰ পৰা ১০ বছৰৰ পৰা ১৭ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ দুটাকৈ প্ৰকল্প জিলা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ বাধ্যতামূলক বুলি ঘোষণা কৰিছে। প্ৰকল্প আৰু আৰ্হি প্ৰস্তুতে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত যথেষ্ট অৰিহণা যোগোৱাৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে বুলি অতিৰিক্ত উপায়ুক্ত ডক্টৰ সূৰ্য কমল বৰাই সাংবাদিকক জানিবলৈ দিয়ে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱামতে অহা ১৫ নৱেম্বৰত বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহ অনলাইন মাধ্যমৰ সহায়ত অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। সেইবাবে প্ৰত্যেক বিদ্যালয়ে অহা ১৩ নৱেম্বৰৰ ভিতৰত গ’গল ফৰ্মৰ জৰিয়তে অনলাইন প্ৰকল্পৰ পঞ্জীয়ন কৰাৰ লগতে প্ৰজেক্ট ৰিপৰ্ট আৰু লগ বুক বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত জমা দিবলৈ সকলো বিদ্যালয়লৈ বাৰ্তা প্ৰেৰণ কৰিছে। উল্লেখ্যযোগ্য যে, ১৯৯৩ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত নৱগঠিত বিশ্বনাথ জিলাই ২০১৮ চনত শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ আলোচনীৰ খিতাপ অৰ্জন কৰি নতুন জিলাখনলৈ সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছিল।

 

প্ৰেৰক  ৰমেশ চন্দ্ৰ চৰেণ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.