Wednesday, June 18, 2025
26.8 C
Guwahati
TOP NEWS:

বিধায়ক সুশান্তৰ বিজেপি গমণৰ প্ৰচাৰত অসন্তুষ্ট দলীয় কৰ্মীঃ নিৰ্বাচনত সুশান্তৰ হৈ প্ৰচাৰ চলোৱা ৯৬ বছৰীয়া বকতাৰ বিশিষ্ট সমাজকৰ্মী অসন্তুষ্ট

বিধানসভা নিৰ্বাচনত সুশান্তৰ বিজয়ৰ পথ প্ৰশস্ত কৰা আৰু কংগ্ৰেছ দলৰ শক্তিশালী ভিত্তি থকা বকতাত দলৰ তৃণমূলৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ ভোটাৰ ৰাইজ কোনেও বিধায়ক হৈ দলত্যাগ কৰা কাৰ্যক সহজভাৱে লব পৰা নাই।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্ততি চলোৱাৰ বাৰ্তাই বকতাৰ কংগ্ৰেছ কৰ্মীসকলক অসন্তুষ্ট কৰি তোলাৰ কথা জানিব পৰা গৈছে।

file footage

যোৱা বিধানসভা নিৰ্বাচনত সুশান্তৰ বিজয়ৰ পথ প্ৰশস্ত কৰা আৰু কংগ্ৰেছ দলৰ শক্তিশালী ভিত্তি থকা বকতাত দলৰ তৃণমূলৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ ভোটাৰ ৰাইজ কোনেও বিধায়ক হৈ দলত্যাগ কৰা কাৰ্যক সহজভাৱে লব পৰা নাই।

জনপ্ৰিয়তাৰ বাবেই সমষ্টিটোৰ দুবাৰৰ বিধায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰা সুশান্ত বৰগোঁহাইৰ নিষ্ঠা আৰু সততাত বিশ্বাস ৰখাসকলে এনে দলত্যাগৰ তাড়ণাক চৰম সুবিধাবাদ আখ্যা দি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’লে তেওঁক সমৰ্থন নজনোৱাৰ মনোভাৱ প্ৰকাশ কৰিছে।

বিশেষভাৱে যোৱা নিৰ্বাচনত সুশান্তৰহৈ এককভাৱে গাঁৱে গাঁৱে গৈ ভোট ভিক্ষা কৰা বকতাৰ এজন ৯৬ বছৰীয়া অশীতিপৰ প্ৰবীন সমাজকৰ্মী নোমল বুঢ়াগোঁহায়ে সুশান্তৰ বিজেপি গমণৰ এনে প্ৰচাৰত স্তম্ভিত হোৱা বুলি জানিবলৈ দিছে। বকতাৰ সৰ্বজনশ্ৰদ্ধেয় বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে আজি বিজেপি দলৰ বিভাজনৰ ৰাজনৈতিক কৌশল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শক্তি কংগ্ৰেছক নিঃশেষ কৰাৰ প্ৰলোভনৰ জালত ভৰি থৈ সুশান্ত বৰ গোঁহায়ে নিজৰ উজ্বল ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ লগতে সামাজিক জীৱনে নষ্ট কৰিলে বুলি মত ব্যক্ত কৰিছে।

নিজে ভোট দি, প্ৰচাৰ চলাই জয়ী কৰা এজনৰ এনে স্খলনত তেওঁ অতি ব্যথিত হোৱাৰ উপৰি ভৱিষ্যতে কোনো প্ৰাৰ্থীক ভোটদান নকৰে বুলিও অভিমত ব্যক্ত কৰিছে। আনকি নিৰ্বাচনত জয়ী হোৱাৰ পাচতো তেওঁক এবাৰ দেখা নকৰিলে বুলি জানিবলৈ দিয়ে।

- Advertisement -

Hot this week

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
92 %
1.7kmh
100 %
Wed
27 °
Thu
29 °
Fri
33 °
Sat
33 °
Sun
34 °