31.3 C
Guwahati
Thursday, November 6, 2025
More

    শেহতীয়া আপডেটঃ

    পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত যোগেশ দাসৰ কাব্যগ্ৰন্থ উন্মোচন

    • কবিয়ে শব্দ নিৰ্মাণ কৰিব পাৰিব লাগিবঃ ড০ দয়ানন্দ পাঠক
    • বৰ্তমান সময়ত সাহিত্য সৃষ্টি, প্ৰকাশ‌ বৰ জটিল হৈ পৰিছেঃ দেৱেন্দ্ৰনাথ বসুমতাৰী

    গুৱাহাটীঃ আজি আগশাৰীৰ প্ৰকাশন অনুষ্ঠান ‘পৰাগজ্যোতি প্ৰকাশন’ৰ‌ উদ্যোগত বিশিষ্ট কবি-সাহিত্যিক যোগেশ দাসৰ দ্বাদশ সংখ্যক গ্ৰন্থ ‘পানীপিয়া পখীৰ বাসনা’ গুৱাহাটী প্ৰেছ ক্লাবৰ‌ সভাকক্ষত শুভ উন্মোচন কৰা হয়। জনপ্ৰিয় কন্ঠশিল্পী ডিজেন কাকতিয়ে ড০ ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰি সভা মুকলি কৰা অনুষ্ঠানটিত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, পঞ্জাৱ বিশ্ববিদ্যালয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আসনৰ অধ্যাপক ড০ দয়ানন্দ পাঠকে। গ্ৰন্থ উন্মোচক ড০ পাঠকে কয়- ‘এই কবিতা পুথিখনৰ মাজেৰে কবিয়ে কাল্পনিক জগতখনৰ উপৰিও সাম্প্ৰতিক ঘটনাৰাজিক অধিক স্পষ্টভাৱে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। নিঃসন্দেহে এই কবিতা পুথিখনত পাঠক সমাজে নতুন সোৱাদ লাভ কৰিব পাৰিব। ভাষাৰ ওপৰত দখল থাকিলে উৎকৃষ্ট মানৰ কবিতা লিখিব পাৰে। শব্দ নিৰ্মাণ কৰিব পাৰিব লাগিব। সাধাৰণ পাঠকৰ বোধগম্য হোৱা কবিতা যুগে যুগে বৰ্তি থাকে। সুষ্ঠ সমাজ নিৰ্মাণৰ বাবে কবিসকলে কবিতা লিখিব লাগে।’ পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত কামৰূপী লোকগীতৰ সম্ৰাজ্ঞী, গৱেষিকা ধনদা পাঠকে বিশিষ্ট অতিথিৰ ভাষণত কয়- “আজিৰ কিছুমান কবিতা বুজিবলৈকে টান। কিন্তু পুৰণি কবিসকলে লিখা কবিতাৰ যি ছন্দ, সেই ছন্দ আজিৰ কবিতাত বিচাৰি নাপাওঁ। আজিৰ একাংশই কেইটামান শব্দৰ সংযোগ কৰিয়ে অৰ্থহীনভাৱে এটা কবিতা লিখে। শিল্পী পাঠকে এটি লোকগীত পৰিৱেশন কৰি‌ পৰিৱেশটো অধিক ৰসাল কৰি তোলে।

    আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে ভাষণ প্ৰসংগত কয় ‘যি কবিৰ কবিতাত দেশপ্ৰেম, মানৱপ্ৰেম, প্ৰকৃতিপ্ৰেম নিহিত হৈ থাকে, সেই কবিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মনত ৰাখে। বৰ্তমান সময়ৰ এই ভয়ানক সময়ত সাহিত্য সৃষ্টি, প্ৰকাশ বৰ জটিল হৈ পৰিছে। এনে সময়ত পৰাগজ্যোতি য’ত প্ৰকাশনে লোৱা প্ৰয়াসক সাহিত্য -বৌদ্ধিক সমাজে মনত ৰাখিব।’
    বিশিষ্ট কবি -সাহিত্যিক কিশোৰ কুমাৰ জৈনে অতিথিৰ ভাষণত কয়- ‘মাটি-পানী, বায়ু, ওপজা ভূমিৰ ওপৰত যিকোনো লিখা দীৰ্ঘম্যাদী।’ ‘আকাশবাণী, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট গৱেষক ড০ সূৰ্য দাসে সভাত অংশগ্ৰহণ কৰি কয়- ’শেহতীয়াকৈ অসমীয়া ভাষালৈ নামি অহা সংকট আৰু এচামৰ বাবে অসমীয়া ভাষা -সংস্কৃতি অৱনমিত হৈছে, তাৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰে। আজিৰ সময়ত কবিতা লিখিবলৈ বা ছবি আঁকিবলৈও ভয় বুলি উল্লেখ কৰি তেওঁ যে লাহে লাহে অসমীয়া কোৱা, অসমীয়া লিখা মানুহৰ সংখ্যা কমি আহিছে। এইক্ষেত্ৰত আমি সকলোৱে সময় থাকোঁতেই সজাগ হোৱাৰ প্ৰয়োজন।’
    শিশু শিল্পী পিয়ুস কলিতাই গীত পৰিৱেশন কৰা সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই বিশিষ্ট অতিথি, পদ্মশ্ৰী সন্মান প্ৰাপক ড০ ৰোমান শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা,‌ নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মাহেকীয়া সাহিত্য আলোচনী ‘সংযোগ’ৰ সম্পাদক প্ৰশান্ত গগৈ, বাংগালোৰত কৰ্মৰত সেনা অশোক ভৰালী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেশ্বৰ কলিতা, ডায়েট, দুধনৈ (গোৱালপাৰা)ৰ‌ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড০ সুষমা মজুমদাৰ,‌ বাংলা সাহিত্যৰ অগ্ৰণী কবিদ্বয় বিমলেন্দু চক্ৰৱৰ্তী, মীনাক্ষী চক্ৰৱৰ্তীয়ে নিমন্ত্ৰিত অতিথি হিচাপে অংশ লয়। গ্ৰন্থ উন্মোচনী সভাত চাৰিকুৰিৰো অধিক সাহিত্যপ্ৰেমী লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কবি যোগেশ দাসে নিজৰ অনুভৱ প্ৰকাশৰ লগতে এটি কবিতা পাঠ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds