31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখাত ১ম বাৰ্ষিক শিশু দিৱস উদযাপন

    প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা প্ৰেৰণা পুথিভঁড়ালৰ দ্বিতীয়টো শাখা। এই শাখাটো যদিও আনুষ্ঠানিকভাৱে ২০২০ চনৰ ২০ আগষ্ট তাৰিখে উদ্বোধন কৰা হয় তথাপি তাৰ প্ৰায় এবছৰ আগৰ পৰাই পুথিভঁড়ালৰ নিয়মীয়া কাৰ্যসুচী পালন কৰি অহা হয়। বিগত বৰ্ষসমূহটো শাখাটোৱে শিশু সকলক উৎসাহিত কৰাৰ অৰ্থে আৰু জৱাহৰলাল নেহৰুৰ ভাৰতলৈ থকা অৱদানৰ কথা সোৱৰাবলৈ এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

    আজি ২০২১ বৰ্ষৰ ১৪ আগষ্ট দেওবাৰে প্রেৰণা পুথিভঁৰাল নতুন দেহৰ শাখাত পুথিভঁড়ালৰ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সম্পূৰ্ণ অনুষ্ঠানটো সঞ্চালন কৰা পুথিভঁড়ালৰ পৰিচালক বিকাশ তালুকদাৰৰ পৰিচালনাতে প্রথম কাৰ্যসূচী গ্ৰন্থ আদান-প্ৰদান আৰম্ভ কৰা হয় ৯ বজাত। ইয়াৰ পাছত কাৰ্যসূচী অনুসৰি শিশু দিৱসৰ চমু তাৎপৰ্য বিশ্লেষণ কৰে পুথিভঁৰালৰ পৰিচালিকা নিশামনি দাসে। লগতে শিশু দিৱস সম্পৰ্কে বক্তৃতা প্ৰদান কৰে পুথিভঁৰালৰ পৰিচালক বিকাশ তালুকদাৰ , ৰফিকুল হুছেইনে । ইয়াৰ পিছত নিম্ন আৰু মধ্য দুটা শাখাত লিখিত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়। কুইজৰ বিষয়বস্তু আছিল জৱাহৰলাল নেহৰু

    অনুষ্ঠানৰ শেষত কুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁ‌টা বিতৰণ কৰি প্ৰতিগৰাকী উপস্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত চকলেট আৰু কলম, পেঞ্চিল আদি বিতৰণ কৰা হয় । অনুষ্ঠানত ছাত্ৰ হৃষিকেশ তালুকদাৰে স্বৰচিত কবিতা পাঠ, কাৰ্তিক বৰ্মনে কবিতা আবৃত্তি আৰু মধুস্মিতা বৰ্মন, ডিম্পীমনি ডেকাই নেহৰুৰ জীৱন সম্পৰ্কে চমু বক্তৃতা প্ৰদান কৰে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.