31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত অসম জাতীয় পৰিষদৰ বৃহৎ বাইক ৰেলী

    ♦ফইজুল হক চৌধুৰী, নলবাৰীঃ
    ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী নগেন ডেকাৰ সমৰ্থত দেওবাৰে এক বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ এক বৃহৎ বাইক ৰেলী কাৰ্যসুচী হাতত লয়।

    ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁৱে- ভূঞে, সমগ্ৰ সমষ্টিৰ অঞ্চলে-অঞ্চলে বাইক ৰেলী কাৰ্যসুচী হাতত লৈ জনসাধাৰণক সজাগ কৰে।

    সমৰ্থকসকলে ভোটদাতা ৰাইজক সজাগ-সচেতন হৈ নলবাৰী জিলাৰ উন্নয়নৰ বাবে আৰু জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধীতাৰে, নলবাৰীৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক জাহাজৰ ছবিত অৰ্থাৎ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকাক ভোটদান কৰিবলৈ আহ্বান জনায়।

    উক্ত ৰেলীত নগেন ডেকাৰ লগতে সমৰ্থক সকলে বাইক ৰেলী কাৰ্যসুচীৰ জৰিয়তে ভিন্ন শ্ল’গান দি নলবৰীয়া ৰাইজক নগেন ডেকাক জয়ী কৰিবলৈ আহ্বান জনায়।

    ‘নলবাৰীৰ ৰাইজ মোৰ লগত আছেআৰু এইবাৰ নলবাৰীত অসম জাতীয় পৰিষদ জয়ী হ’ব আৰু নলবাৰীৰ ৰাইজে সাম্প্ৰদায়িক বিজেপিৰ মিছা প্ৰতিশ্ৰুতিত ভোল নাজায়’ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী নগেন ডেকাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds