31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ড॰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত, সম্পাদকৰূপে মনোনীত ওমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্ত

    গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতি মৰ্মে পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে৷ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয়৷ সেই অনুসৰি ওমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰে৷

    ইফালে, তুলিৰাম ৰংহাং কাৰ্যকৰী সভাপতি, শীৰ্ষ আই পি এছ বিষয়া পাৰ্থ সাৰথি মহন্ত জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন খেলুৱৈ মল্লিকা বৰুৱা শৰ্মা উপদেষ্টা ৰূপে থকা কমিটিখনৰ নিৰ্বাচিত দহগৰাকী উপসভাপতি হ’লঃ তৰংগ গগৈ, প্ৰদীপ কুমাৰ হাজৰিকা, এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা, বিনিত গগৈ, ৰিতুবৰণ শৰ্মা, ইফতিকাৰ আলী, পুৰঞ্জয় শৰ্মা, প্ৰনৱজ্যোতি গগৈ আৰু অমিতাভ দে৷

    আনহাতে, দিগন্ত বুঢ়াগোহাই, নবৰ’জি মনোৱাৰ, নৱজ্যোতি বৰা, ৰিতুৰাজ চেতিয়া আৰু হেমন্ত কুমাৰ দাস যুটিয়া সম্পাদক নিৰ্বাচিত হোৱাৰ বিপৰীতে নতুন কমিটিৰ পাঁচ সহঃসম্পাদক হ’ল ঃ অভিজিত বৰুৱা, বিদ্যুৎ বিকাশ দেউৰী, ইমটিয়াজুৰ ৰহমান, ময়ূৰ বৰা আৰু অনিল দাস৷

    উপেন চক্ৰৱৰ্তীক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া সন্থাটোৰ দহগৰাকী নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য হ’লঃ বসন্ত ডেকা, মাধৱ বৰা, মুকতাৰ হুছেইন, বিক্ৰম সিনহা, ভূপেন ফুকন, চন্দন মেধি, বিকাশ পাঠক, অনিমেশ চন্দ্ৰ, ময়দুল ইছলাম বৰা আৰু ৰাজ কুমাৰ কলিতা৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds