31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    টংলাত কোচিং প্ৰতিষ্ঠান প্ৰজ্ঞান ক্লাছৰ প্ৰতিষ্ঠা দিৱস পালন, গীত, নৃত্য, খেল আদি বিভিন্ন প্ৰতিযোগিতাৰে সামৰণি

    টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ মাজ-মজিয়াত প্ৰতিষ্ঠা লাভ কৰা কোচিং প্ৰতিস্থান “প্ৰজ্ঞান ক্লাছ”ৰ প্ৰতিষ্ঠা দিৱসটি যোৱা ২৪ ছেপ্টেম্বত ছাটগাড়ী মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে।

    ছাত্র ছাত্ৰীৰ মাজত বৌদ্ধিক, শাৰীৰিক, মানসিক বিকাশৰ লক্ষ্য উদেশ্যি প্ৰতিযোগিতা মূলক পৰীক্ষা, সাংস্কৃতিক, ক্ৰীড়া আৰু সামাজিক বিকাশৰ ওপৰত দুবছৰে কাম কৰি অহা প্ৰতিষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসটি ২১ ছেপ্টেম্বৰ পৰা ২৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি ২১ ছেপ্টেম্বৰত বন্তি প্ৰজ্জ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নেচনেল পায়নি’য়ৰ চিনিয়ৰ চেকণ্ডাৰি স্কুলৰ অধ্যক্ষ পাৰভিজুল ইছলামে।

    উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অংশগ্ৰহণ কৰে টংলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা মিন্টু পাঠক, ফিজিয় থেৰাপিচ জ্যোতিময় ডেকা বৰুৱা, মঙলদৈৰ আৰ এম এডুকেচন গ্রুপৰ স্বত্বাধিকাৰী সকলৰ লগতে নেচনেল পায়নি’য়ৰ চিনিয়ৰ চেকণ্ডাৰি স্কুলৰ বিষয় শিক্ষক অসীম নাথে।

    অনুষ্ঠানত কন্ঠশিল্পী হিচাপে অংশগ্ৰহণ কৰে পূৰ্ণানন্দ শইকীয়া, মৃণালী সংগম আৰু গিৰিশ গৌতমে। উল্লেখযোগ্য যে ২৪ ছেপ্টেম্বৰত ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানতে কুইজ প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰা প্ৰজ্ঞান ক্লাছ(কৌটিল্য), দ্বিতীয় (চানক্য), তৃতীয় মাহৰ্ষি বিদ্যা মন্দিৰ গ্ৰুপৰ লগতে প্ৰতিদিনে বিভিন্ন খেলা-ধেমালি, সৌন্দৰ্য্য, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বঁটা সমূহ উক্ত কাৰ্যসূচীতে বিতৰণ কৰা হয়।

    অনুষ্ঠানটোত সর্বাংগ সুন্দৰ হোৱাত সহযোগ কৰে প্ৰজ্ঞান ক্লাছৰ কৰ্মী বৃন্দ ক্ৰমে বিভাষ সেন গুপ্তা, অভিষেক দাস, ভাস্কৰ বৰুৱা, ডলি শৰ্মা, গুৰিয়া সিং, নয়নজ্যোতি শৰ্মা, ৰাহুল ডেনিচ মিঞ্জ, ৰাহুল দাস আৰু সংগীতা ডেকাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds