শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ টিকলিপাৰাবাসীৰ দুৰ্ভোগঃপৰিবৰ্তনৰ বতাহে আজিও স্পৰ্শ নকৰিলে বৃহত্তৰ অঞ্চলটোত

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ বিকাশ আৰু উন্নয়নে স্পৰ্শ নকৰা গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এটি বৃহৎ অঞ্চল কুকুৰকাটাৰ টিকলিপাৰা৷ আচৰিত কথা এয়ে যে এই অঞ্চলৰ একমাত্ৰ পথটো খৰালি সময়তো থাকে পানীৰ তলত৷ বৃহত্তৰ অঞ্চলটোৰ এই পথটোৰে প্ৰায় দহ খন গাৱঁৰ ৰাইজে  নিতৌৌ আহ যাহ কৰে৷ খৰালি কালতো একাঠু পানীৰ তলত থকা পথটো বাৰিষাত হয় অতি ভয়ংকৰ৷ কিয়নো বাৰিষা এবুকু-এককাল পানী অতিক্ৰম কৰি ওলাই আহিব লাগে অঞ্চলবাসী৷ বিকল্প কোনো পথ নথকাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলোৱে এই পথৰে যাতায়াত কৰে শিক্ষাগ্ৰহণৰ বাবে৷ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিকিলি পাৰা,গাৰোমাৰা,সৰগপাৰা আদিকে ধৰি এই অঞ্চলৰ গাওঁ কেইখনত  স্বাধীনতাৰ ৭৪ বছৰে কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰিল৷ বহু চৰকাৰ আহিল আৰু গ’ল৷ নিৰ্বাচনৰ সময়ত সকলোৱে এসোপামান প্ৰতিশ্ৰুতি দি যায় যদিও সময়ত সকলো অসাৰ প্ৰতিপন্ন হয়৷ শেহতীয়াকৈ সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক গৰাকীয়ে বিগত নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোলৈ আহিছিল যদিও তেতিয়াা দিয়া প্ৰতিশ্ৰুতি বোৰ তেনেকৈয়ে ৰ’ল ৷ পাঁঁচটা বছৰত এদিনৰ বাবেও পদধূলা নপৰিল কংগ্ৰেছী বিধায়ক এ কে ৰশিদ আলমৰ৷ যাৰ ফলত আজিও এনেকৈ দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজ৷ বিকাশ তথা পৰিবৰ্তনৰ বতাহজাকে কেতিয়াকৈ চুবলৈ পাব সীমান্তবাসীক ৷ এতিয়া সৰ্বত্ৰে চলিছে তাৰেই চৰ্চা ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.