শেহতীয়া আপডেটঃ

গোৱালপাৰাত সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনাৰ মাজেৰে হ’ব কাইলৈৰ ভোটগণনাঃ সাজু জিলা প্ৰশাসন

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি – ৩৬ নং দুধনৈ (জনজাতি) সমষ্টি, ৩৭ নং গোৱালপাৰা পূৱ সমষ্টি, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টিৰ কাইলৈ ২ মে’ত হ’বলগীয়া ভোট গণনা প্ৰক্ৰিয়াৰ বাবে প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

পোষ্টেল বেলটৰ ভোটগণনাৰ বাবে ৩৬ নং দুধনৈ (জনজাতি ) সমষ্টিৰ বাবে ২ খন টেবুল, ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে ৪ খন টেবুল, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ২ খন টেবুল আৰু ৩৯ নং জলেশ্বৰ সমষ্টিৰ বাবে ১ খন টেবুল থাকিব৷

উল্লেখ্য যে ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে পোষ্টেল বেলট গণনাৰ বাবে ৪ খন টেবুলৰ সৈতে এটা সুকীয়াকৈ হল থকাৰ বিপৰীতে বাকী তিনিটা সমষ্টিৰ বাবে পোষ্টেল বেলট গণনাৰ বাবে ৰিটাৰ্ণিং বিষয়া থকা হলত ব্যৱস্থা কৰা হৈছে।

প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ কাউন্টিং হল থাকিব আৰু প্ৰতিটো হলত ৭ খনকৈ টেবুল থাকিব ৷ গোৱালপাৰা মহাবিদ্যালয় চৌহদত হ’বলগীয়া এই ভোট গণনাৰ প্ৰক্ৰিয়াত  ৪৪১ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োজিত হ’ব ।

ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত হ’বলগীয়া এই বিষয়া কৰ্মচাৰী সকলৰ প্ৰশিক্ষণ ইতিমধ্যে  ২৬ , ২৮ আৰু ২৯ এপ্ৰিল তাৰিখে  নিউ গোৱালপাৰা হাইস্কুল আৰু কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত সম্পন্ন হৈছে  । ৰাজ্য খনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকা(আই এ এচ)ৰ নিৰ্দেশ মৰ্মে চৰকাৰে জাৰি কৰা কভিড ১৯ ৰ সকলো বিধি মানি চলি ভোটগণনা প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

গোৱালপাৰা জিলা প্ৰশাসনৰ ফালৰ পৰা এইবেলি ভোটগণনা কাৰ্যত ক’ভিড প্ৰট’কল মানি চলাৰ ক্ষেত্ৰত কঠোৰ হ’ব ৷ ভোটগণনা কাৰ্যত নিয়োজিত বিষয়া , কৰ্মচাৰী , ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ এজেণ্ট, প্ৰাৰ্থী আদিৰ ক’ভিড ৰেপিড এন্টিজেন টেষ্ট কৰাটো বাধ্যতামূলক৷ সংবাদ মাধ্যমৰ ব্যক্তি সকলো ক’ভিড টেষ্ট কৰি ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব ৷

তেনেদৰে ভোট গণনা কেন্দ্ৰত সামাজিক দূৰত্ব , মাস্ক পৰিধান, ছেনিটাইজ আদিতো কঠোৰ হ’ব প্ৰশাসন ৷ লগতে নিৰ্বাচনত অৱৰ্ত্তীণ প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্ট সকলে ৰেপিড এন্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্টৰ নিগেটিভ ৰিপোৰ্ট তথা টিকাকৰণৰ চাৰ্টিফিকেট লগত লৈহে ভোটগণনা কেন্দ্ৰলৈ আহিবলৈ অনুৰোধ জনোৱা হয়।

ইয়াৰোপৰি ভোটগণনা কেন্দ্ৰত কোনো ব্যক্তিয়ে মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব ৷উল্লেখ্য  যে গোৱালপাৰা মহাবিদ্যালয় চৌহদত স্থাপন কৰা ষ্ট্ৰং ৰূমত তিনিতৰপীয়া নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ইভিএম সমূহ ৰখা হৈছে । কেন্দ্রীয় নিৰাপত্তা ৰক্ষী আৰু আৰক্ষীয়ে দিনে নিশাই ষ্ট্ৰং ৰুমত পহৰা দি থকাৰ লগতে পৰ্য্যাপ্ত পৰিমানে চিচিটিভিৰো ব্যৱস্থা কৰা হৈছে।

তদুপৰি, জিলা নিৰ্বাচন বিষয়াৰ নিৰ্দেশ অনুসৰি অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াই ষ্ট্ৰং ৰুমৰ নিৰাপত্তা তথা সুৰক্ষা ব্যৱস্থা দিনে নিশাই চোৱাচিতা কৰি থকাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা দিনৰ ২৪ ঘন্টাই কাৰ্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্ৰণ কক্ষ প্ৰথমৰে পৰা স্থাপন কৰি থোৱা হৈছে ৷

আজি গোৱালপাৰাৰ চাৰিওটা বিধান সভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া  ৪ গৰাকী সাধাৰণ পৰ্যবেক্ষকে আজি গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদত স্থাপন কৰা ভোটগণনা কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকা আৰু ৰিটাৰ্ণিং বিষয়া সকলৰ লগত এক বৈঠকত মিলত হৈ ভোটগণনা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.