31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত কৰ’নাৰ সংক্ৰমণ বৃদ্ধিঃ কনটেইনমেন্ট জ’ন ঘোষিত পাখিৰীগুৰি গাঁৱৰ বাট পথ বন্ধ কৰি দিলে আৰক্ষী প্ৰশাসনে

    ♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
    গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰিত কৰ’নাৰ গণ সংক্ৰমণ৷ কৃষ্ণাই ৰে’ল ষ্টেচনৰ নিচেই কাষৰীয়া পাখিৰীগুৰি গাঁৱত একেটা পৰিয়ালৰ ১১ সদস্যসহ কৰ’নাত আক্ৰান্ত হৈছে মুঠ ১৭ লোক৷

    পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি লৈ লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনৰ অন্য তিনিটা অঞ্চলৰ লগতে খামাৰ পাখিৰী ধুন্দিপাৰা অঞ্চলটোকো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসন৷ সেই অনুসৰি আজি পাখিৰীগুৰি গাঁৱৰ বাট পথ সমূহ বন্ধ কৰি দিলে আৰক্ষী প্ৰশাসনে৷

    অত্যাৱশ্যকীয় সেৱা আৰু অতি জৰুৰী পৰিস্থিতিৰ বাহিৰে কোনো লোককে গাঁও খনত প্ৰৱেশ প্ৰস্থানত বাধা আৰোপ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, গোৱালপাৰা জিলাত কৰ’না ৰোগীৰ সংখ্যাই  ইতিমধ্যে প্ৰায় ৭শ ঘৰ অতিক্ৰম কৰিছে৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১৭ জনকৈ লোক৷

    প্ৰণিধানযোগ্য যে কৰ’নাৰ দ্বিতীয় লহৰত জিলাখনত চহৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত আক্ৰান্ত হৈছে অধিক লোক৷ ৰোগীৰ সংখ্যাধিক্যলৈ চাই ইতিমধ্যে জিলা প্ৰশাসনে পাখিৰীগুৰিৰ লগতে বৰবৰী,নাৰেংগাবাৰী আৰু ডুবাপাৰা অঞ্চল কেইটাক কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds