31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

    ♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে লাগে সেয়া যেন বজাৰ নহয়, আৱৰ্জনা স্থলীহে৷ বিশেষকৈ কৃষ্ণাই মূল বজাৰৰ পৰা হনুমান মন্দিৰ হৈ কৃষ্ণাই নৰপতি গড়কাপ্তানি পথ সংযোগী দৈনিক বজাৰৰ ভিতৰৰ পথছোৱা দেখিলে যিকোনো লোকৰে গাত এলাৰ্জি উঠিব৷ এয়া যেন বজাৰত প্ৰৱেশ প্ৰস্থান কৰা পথ নহয়, এটা পৰিত্যক্ত জলাশয়হে৷

    আটাইতকৈ পৰিতাপৰ কথা এয়ে যে এই পথৰ কাষতে শংকৰ মন্দিৰ, হনুমান মন্দিৰ এটাৰ লগতে অৱস্থিত হনুমান হিন্দী প্ৰাথমিক বিদ্যালয়খন৷ এফালে দৈনিক বজাৰ খনৰ দুৰ্গন্ধময় পৰিবেশ, আনহাতে গেলা বোকাপানীৰে পৰিপূৰ্ণ পথছোৱাই অঞ্চলটোত বসবাস কৰা লোক সকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷

    পিছে কোনে কৰিব ইয়াৰ প্ৰতিকাৰ? খণ্ড উন্নয়ন কাৰ্যালয়, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক সকলোৱে এই ক্ষেত্ৰত নিমাত৷ ৰাইজৰ দাবী এটাই দৈনিক বজাৰখন বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰাৰ লগতে পয়ালগা পথছোৱাৰ দ্ৰুত উন্নয়ণ সাধন কৰক বিভাগীয় কৰ্তপক্ষই৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds