শেহতীয়া আপডেটঃ

আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা নিয়মীয়াকৈ প্ৰকাশ কৰক

বৰ্তমান সময়ত শিক্ষাগত অৰ্হতা আৰু দক্ষতা থাকিলেও বহু ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্ৰতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়

মাননীয় সম্পাদক মহোদয়,

জীৱন নিৰ্বাহ কৰিবৰ বাবে উপাৰ্জন কৰাটো সকলোৰে বাবে আৱশ্যকীয় । কিন্তু উপাৰ্জনৰ উপযুক্ত পথ বাচি ল’বৰ বাবে শিক্ষাৰ্থীসকলে আগতিয়াকৈ বিভিন্ন ধৰণৰ কেৰিয়াৰৰ বিষয়ে অৱগত হোৱাটো অতি প্ৰয়োজনীয়। ২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ দি আহিছোঁ। তদুপৰি, ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখিকৈ কেৰিয়াৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা লাভ কৰিছোঁ। এই দীঘলীয়া অভিজ্ঞতাৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ কথা অনুভৱ কৰিছোঁ যে অসমৰ চুকে-কোণে এনে অসংখ্য শিক্ষাৰ্থী আছে, যিসকলে বিভিন্ন ধৰণৰ কেৰিয়াৰ বিকল্প সম্পৰ্কে অৱগত নহয়। এই প্ৰেক্ষাপটত অসমৰ পৰা প্ৰকাশিত সকলো ধৰণৰ আলোচনীত কেৰিয়াৰ বিষয়ক লেখা নিয়মীয়াকৈ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজনীয় বুলি ভাবো। ইয়াৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব।

বৰ্তমান সময়ত শিক্ষাগত অৰ্হতা আৰু দক্ষতা থাকিলেও বহু ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্ৰতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়। ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত নিবনুৱা সমস্যা দিনক দিনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কেৱল চাকৰিৰ জৰিয়তে নিবনুৱা সমস্যাৰ সম্পূৰ্ণ সমাধান কেতিয়াও সম্ভৱ নহয়। চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হোৱাৰ লগতে আন লোককো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰি।
এই সকলো দিশ সামৰি আলোচনীবোৰত যিমান পাৰি সিমান লেখা প্ৰকাশ কৰা উচিত। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি, লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়েো বিতংভাৱে জনোৱা উচিত। তদুপৰি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্ৰকাশ কৰিলে সাধাৰণ জনসাধাৰণ বিশেষকৈ যুৱ সমাজ অধিক লাভান্বিত হ’ব।
চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰি—এই কথা উপলব্ধি কৰি যদি কিছুসংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি লয়, তেন্তে ৰাজ্যখনৰ নিবনুৱা সমস্যা অলপ হ’লেও হ্ৰাস পাব বুলি আশা কৰিব পাৰি।

ড°বুলজিৎ বুঢ়াগোহাঁই
আজাৰা,গুৱাহাটী- ৭৮১০১৭ , অসম ।
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.