31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছৰ সফল সামৰণি

    আমেৰিকাৰ ইজিয়ান আৰু ভাৰতৰ ঋষিতা ল’ৰা-ছোৱালীৰ চেম্পিয়ন

    গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত গুৱাহাটীত আয়োজন কৰা আই টি এফ জুনিয়ৰ [জে-৬০] আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰিছে৷ ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত আমেৰিকাৰ ইজিয়ান আহমেদ আৰু ভাৰতৰ ঋষিতা ৰেড্ডীয়ে খিতাপ অৰ্জন কৰিছে৷

    গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনৰ আজি হোৱা ল’ৰাৰ একক শাখাৰ ফাইনেলত তৃতীয় বাচনিৰ ইজিয়ানে ভাৰতৰ বাচনি বিহিন খেলুৱৈ অৰ্জুন ৰাথীক ১-৬, ৬-১, ৬-৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ উল্লেখ্য যে চমক সৃষ্টিৰে ফাইনেললৈ অগ্ৰসৰ হোৱা অজুৰ্নে আজিও প্ৰথমটো ছেট দখল কৰি অঘটন ঘটোৱাৰ ইংগিত দিছিল যদিও আমেৰিকাৰ খেলুৱৈগৰাকীয়ে দ্বিতীয় ছেটত প্ৰত্যাবৰ্তন কৰি খিতাপ জয়ৰ লক্ষ্য পূৰ্ণ কৰে৷ উল্লেখ্য যে ছেমিফাইনেলত ইজিয়ানে শীৰ্ষ বাচনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰক পৰাস্ত কৰাৰ সময়তে খিতাপ জয় কৰাটো নিশ্চিত হৈছিল৷

    ইফালে, ছোৱালীৰ একক শাখাৰ ফাইনেলত শীৰ্ষ বাচনিৰ ভাৰতৰ ঋষিতা ৰেড্ডীয়ে দ্বিতীয় বাচনিৰ আমেৰিকাৰ প্ৰিয়ংক ৰাণাক ৭-৫, ৬-৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰথমটো ছেটত উভয় খেলুৱৈয়ে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি খিতাপ জয়ৰ আশা সজীৱ ৰাখে যদিও চাপৰ খেলত নিৰ্ণায়ক পইণ্ট ঋষিতাই লাভ কৰে৷ দ্বিতীয় ছেটতো ব্ৰেক পইণ্ট সংগ্ৰহ কৰি খিতাপ নিশ্চিত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে৷

    খেলৰ অন্তত হোৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰবীন টেনিছ খেলুৱৈ প্ৰগতি বৰা, অসম টেনিছৰ কাৰ্যবাহী সমিতিৰ সদস্য দিগন্ত ঠাকুৰ আৰু সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত৷ উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাত মুঠ ২১ খন দেশৰ ল’ৰা-ছোৱালীয়ে অংশ লৈছিল৷ এই প্ৰতিযোগিতাৰ পূৰ্বে সদৌ অসম টেনিছ সন্থাই চচল টেনিছ প্ৰকল্পত আই টি এফ মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাখন আয়োজন কৰিছিল৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds