অসম ৰাইফলৰ উদ্যোগত বিশ্বনাথত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ
২১ নং চেক্টৰ অসম ৰাইফলৰ অধীনস্থ লক্ৰা স্থিত ১৭ নং অসম ৰাইফল হেড কোৱাটাৰৰ উদ্যোগত অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ কেন্দ্ৰ ।
বিশ্বনাথৰ সাকোমটা খণ্ড উন্নয়নৰ অন্তৰ্গত জপৌবাৰীৰ হৰেশ্বৰ গোৱালা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ।
পুৱা ৯ বজাৰ পৰা আবেলি প্ৰায় ৩ বজালৈকে অনুষ্ঠিত হোৱা এই শিবিৰত জপৌবাৰী আৰু কুঁৱৰী অঞ্চলৰ ৰাইজে আহি পৰীক্ষা কৰে নিজৰ স্বাস্থ্যৰ ।
সময়ে সময়ে ১৭ নং অসম ৰাইফলৰ উদ্যোগত অনুষ্ঠিত হৈ অহা এই স্বাস্থ্য শিবিৰৰ বাবে ৰাইজে যথেষ্ট সকাহ লাভ কৰাৰ লগতে আৰ্থিক ভাবে পিছ পৰা লোক সকলে সকাহ পায় আহিছে ।
বুধবাৰে ও শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহে এই শিবিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে । ১৭ নং অসম ৰাইফলছৰ চেকেণ্ড ইন কামাণ্ডা বি বি এল নৌটিয়াল উপস্থিত থাকে এই শিবিৰত ।