31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম সাহিত্য সভাৰ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান

    মাননীয় সম্পাদক মহোদয়,

    অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উপলক্ষে আদৰণী সমিতিয়ে মুকলি কৰা ৱেবচাইট (https://asamsahityasabhapathsalaadhibeshan.com) ডিজিটেল যুগৰ এক প্ৰশংসনীয় পদক্ষেপ । এই ৱেবছাইটৰ মাধ্যমেৰে অধিৱেশনস্থলীৰ কাৰ্যসূচীসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দেশ-বিদেশত বসবাস কৰা অসমীয়াসকলক সহজে অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰে যেন। এই পদক্ষেপে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে বিশ্বজুৰি অসমীয়াসকলক একত্ৰিত কৰাত সহায় কৰিব পাৰে। অধিৱেশনৰ বিভিন্ন অনুষ্ঠানত সমল ব্যক্তিসকলৰ যোগদানৰ বাবে মিশ্ৰিত (অফলাইন আৰু অনলাইন) ব্যৱস্থা কৰিব লাগে যাতে বিশেষ অসুবিধাৰ বাবে অফলাইনত অংশ গ্ৰহণ কৰিব নোৱাৰা  ব্যক্তিসকলে অনলাইনতো অংশ গ্ৰহণ কৰিব পাৰে ।

             কাৰ্যসূচীসমূহ মিশ্ৰিত (অফলাইন আৰু অনলাইন) ব্যৱস্থা গ্রহণ কৰি অসম সাহিত্য সভাই ডিজিটেল যুগলৈ আগবাঢ়িব পাৰে। ইয়াৰ দ্বাৰা অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰ বিশ্বব্যাপী হ’ব । ডিজিটেল প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে অসম সাহিত্য সভাক এক আধুনিক আৰু গতিশীল প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰে ।

    ড° বুলজিৎ বুঢ়াগোহাঁই, আজাৰা
    গুৱাহাটী -৭৮১০১৭
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.