অসম শিক্ষক সন্থাৰ শোণিতপুৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

২৬ নৱেম্বৰত অধিৱেশন মণ্ডলৰ

বিহালী সমষ্টিৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়।
মঙলবাৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম শিক্ষক সন্থাৰ শোণিতপুৰ মণ্ডলৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

শোণিতপুৰ মণ্ডলৰ সভাপতি প্ৰিন্স ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আতঁ ধৰে বিশ্বনাথ মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক তথা শোণিতপুৰ মণ্ডলৰ সম্পাদক ৰাজেশ্বৰ বড়োয়ে।

কাৰ্যনিৰ্বাহক সভা খনত অসম শিক্ষক সন্থাৰ শোণিতপুৰ মণ্ডলৰ অধিকাংশ সদস্য উপস্থিত থাকি নিজৰ মন্তব্য দাঙি ধৰে।

ইফালে সভাৰ সিদ্ধান্ত মৰ্মে অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া শোণিতপুৰ মণ্ডলৰ অধিৱেশন খন ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই।

সভাৰ শেষত শলাগৰ শৰাই   প্ৰদান কৰে বিহালী স্নাতক মহাবিদ্যালয় অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*