শেহতীয়া আপডেটঃ

অসম গ্ৰন্থমেলাত উৎসাহজনক সঁহাৰি গ্ৰন্থপ্ৰেমীৰ

গুৱাহাটীঃ প্ৰথমদিনাই পুথিপ্ৰেমীৰ উৎসাহজনক সঁহাৰিয়ে আনন্দিত কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এইবেলি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলাখন কালি উদ্বোধন হোৱাৰে পৰাই কিতাপ বিচাৰি পঢ়ুৱৈয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ ১২ দিনীয়কৈ আয়োজন কৰা গ্ৰন্থমেলাখনত আজি দ্বিতীয়দিনা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিশেষ সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংস্থাৰ সভাপতি নগেন শৰ্মাৰ পৌৰোহিত্যত সম্পন্ন হোৱা এই অনুষ্ঠানত বিশিষ্ট পুথি প্ৰকাশক আৰু বিক্ৰেতা যাদৱ চন্দ্ৰ তালুকদাৰ, অজয় প্ৰসাদ ভট্টাচাৰ্য, পুষ্কৰ নাৰায়ণ গুপ্তা, মাধৱ শৰ্মা, অজিত শৰ্মা, দ্বীপেন্দ্ৰ কুমাৰ দে’, উমাকান্ত ঝাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মন, সম্পাদক হৰেণ কলিতা, কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামী, উপদেষ্টা নবীন বৰুৱা, নীহাৰেন্দ্ৰ চৌধুৰী, ক্ষীৰোদ কুমাৰ গোস্বামী, উপ-সভাপতি নাৰায়ণ কেজৰিৱাল, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে৷ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে৷

বিয়লি অনুষ্ঠিত হয় “গ্ৰন্থ প্ৰকাশৰ দায়ৱদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন” শীৰ্ষক আলোচনা সত্ৰ৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে “দ্য ফেদাৰেশ্যন অব্‌ পাব্‌লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়া“ৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘায়ে৷ তেওঁ কয় যে কিতাপ ছপোৱাৰ ক্ষেত্ৰত প্ৰকাশৰ দায়ৱদ্ধতা অতি গুৰুত্বপূৰ্ণ বিষয়৷ কিতাপে মানুহৰ মাজলৈ ভিন্ন তথ্য আৰু জ্ঞান কঢ়িয়াই নিয়ে৷ এয়া কঢ়িয়াই নিয়ে ভাষাৰ মাধ্যমেৰে আৰু ভাষা হৈছে একোটা জনসমষ্টিৰ সমূহীয়া পৰিচয়৷ গতিকে গ্ৰন্থ সদায় নিৰ্ভুল তথ্যৰ আধাৰ, শুদ্ধ ভাষাৰ প্ৰয়োগৰ চানেকি আৰু জ্ঞানৰ ভঁৰাল হ’ব পৰিব লাগিব৷ এনে গ্ৰন্থবোৰে মানৱ সভ্যতাৰ মান নিৰ্ণয় আৰু প্ৰতিনিধিত্ব কৰে৷ গতিকে এনেবোৰ গ্ৰন্থক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰচাৰৰ কৌশল হ’ব লাগিব কৌতূহল উদ্দীপক৷ সাম্প্ৰতিক সময়ত প্ৰযুক্তিয়ে এইক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিছে৷

তেওঁ ভাষণ প্ৰসংগত অনুবাদ গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কয় যে সাহিত্য বা আন আন বিষয়ৰো অনুবাদ গ্ৰন্থই সমাজত বিশেষ ভূমিকা বহন কৰে৷ এই দিশটোৰ প্ৰতিও প্ৰকাশকে গুৰুত্ব প্ৰদান কৰা উচিত৷ কেৱল এখন ৰাজ্য বা নিজৰ দেশতে নহয়, কিতাপৰ আন্তৰ্জাতিক বজাৰৰ প্ৰতিও লক্ষ্য বান্ধিব লাগে প্ৰকাশকে৷ তেওঁ অসমত গ্ৰন্থৰ পৰিৱেশ অতি আশাব্যঞ্জক বুলি উল্লেখ কৰি পুনৰ কয়—“গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰেও গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এয়া আনন্দৰ কথা৷” ইয়াত বিশিষ্ট অতিথিৰূপে অংশ লৈ “নেশ্যনেল বুক ট্ৰাষ্ট”ৰ আঞ্চলিক (অসমীয়া) সম্পাদক দীপ শইকীয়াই কয় যে অসম গ্ৰন্থমেলাত এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে৷ দায়ৱদ্ধতা বুলি ইয়াত পঢ়ুৱৈ, ছাত্ৰ-ছাত্ৰী, সমাজ আৰু লেখকসকলৰ প্ৰতি থকা দায়িত্বৰ কথাকে নিশ্চয় কোৱা হৈছে৷ এজন প্ৰকাশকৰ দায়িত্ব হৈছে এখন ভাল বিষয়ৰ কিতাপ প্ৰকাশ কৰা৷ সম্পাদনাৰ মাজেৰেহে এখন গ্ৰন্থক প্ৰকাশ কৰা উচিত৷ লেখকৰ সমানেই প্ৰকাশকসকলো সৃষ্টিকৰ্তা৷ গতিকে ত্ৰুটী ৰৈ গ’লে সৃষ্টি অথলে যাব৷ সেয়ে প্ৰত্যেকখন কিতাপ প্ৰকাশৰ ক্ষেত্ৰত পঢ়ুৱৈ, ছাত্ৰ-ছাত্ৰী, সমাজ আৰু লেখকসকলৰ প্ৰতি দায়ৱদ্ধতাৰে আগবাঢ়িব লাগিব প্ৰকাশকে৷ আজিকালি এনে কথাও শুনিবলৈ পোৱা যায় যে কোনো কোনো লেখকে নাম ক্ৰয় কৰাৰ বাবে প্ৰকাশকক ধন দি কিতাপ ছপোৱাৰ ব্যৱস্থা কৰে৷ ইয়ে গ্ৰন্থ আৰু প্ৰকাশন জগতখনৰ ক্ষতি সাধন কৰে৷

এইক্ষেত্ৰত লেখক-প্ৰকাশক উভয়ে নিষ্ঠা আৰু সততাৰে আগবাঢ়ি অহাটো প্ৰাথমিক চৰ্ত৷ অধ্যাপক গংগাপদ চৌধুৰীয়ে অনুষ্ঠানটি সঞ্চালনা কৰে৷ তেওঁ বিষয় প্ৰসংগত কয়— “গ্ৰন্থ এখনৰ বিষয়বস্তুৰ পৰা সূচীলৈকে, সৰ্বাংগসুন্দৰ আৰু নিৰ্ভুলকৈ উলিয়াই দিয়াৰ বেলিকা প্ৰকাশকৰ দায়িত্ব অপৰিসীম৷ তদুপৰি কিতাপখন কেনেদৰে মানুহৰ মাজলৈ যাব এইটোও প্ৰকাশকৰ প্ৰচাৰৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰে৷ লেখকৰ সৃষ্টি আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপনেৰে প্ৰকাশকেই সৰ্বাধিক দায়িত্ব পালন কৰে ৷”ইয়াত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট পুথি প্ৰকাশক, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপদেষ্টা নবীন বৰুৱা, ক্ষীৰোদ কুমাৰ গোস্বামী, ড° বসন্ত কুমাৰ ভূঞা আৰু সদস্য দেৱাশিস ভট্টাচাৰ্যই৷ বিশিষ্ট শিল্পী, পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু তেওঁৰ সংগীবৃন্দৰ ওজাপালিৰে এই অনুষ্ঠান আৰম্ভ কৰা হয়৷ বিয়লি ৬ বজাত পশ্চিমবংগৰ বিশিষ্ট লেখক, ইতিহাসবিদ, অধ্যাপক হিন্দোল সেনগুপ্তৰে অন্তৰংগ আলাপ পৰিচালনা কৰে বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে৷ তেওঁ ভাৰতৰ দ্বিতীয়খন পুৰণি চহৰ গুৱাহাটীলৈ সেনগুপ্তক আদৰণি জনাই অন্তৰংগ আলাপ অনুষ্ঠানটিক তথ্য-সমৃদ্ধ, ৰসপূৰ্ণ আৰু শ্ৰুতিমধুৰ কৰি তোলে৷ প্ৰাগজ্যোতিষপুৰ, নীলাচলৰ শক্তিপীঠ, চিত্ৰাচলৰ নৱগ্ৰহ আদিকে ধৰি বিভিন্ন ঐতিহ্য তথা জ্যোতিৰ্বিজ্ঞানৰ প্ৰচীন চৰ্চা, পুৰনি পুথি-পাজিৰ পৰা সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ প্ৰসংগই এই আলাপত ঠাই লাভ কৰে৷ অনুষ্ঠানত অংশ লৈ অধ্যাপক সেনগুপ্তই কয় যে অসমৰ তথা ভাৰতৰ বহু ইতিহাস মানুহে নজনাকৈ অন্ধকাৰতে আছে৷ আনকি বহু স্বাধীনতা যুঁজাৰুৰ কথাই পোহৰলৈ অহা নাই৷ আহোম ৰাজত্ব, প্ৰাচীন মণিপুৰৰ শাসনতন্ত্ৰ, মাৰঠাসকলৰ প্ৰাচীন শাসনতন্ত্ৰৰ বিষয়ে আমাৰ পাঠ্যক্ৰমৰ বুৰঞ্জীৰ পাতত নগন্য মাত্ৰহে উল্লেখ আছে৷ কিন্তু মোগলৰ বুৰঞ্জী বিস্তাৰিতভাৱে দিয়া হৈছিল৷ ফলত কেবাটাও প্ৰজন্মই আমাৰ প্ৰকৃত ইতিহাসৰ বিষয়ে জানিব নোৱাৰিলে৷ সেয়ে নতুন প্ৰজন্মৰ বাবে এয়া পোহৰলৈ আনিব লাগিব৷ তেওঁ গুৱাহাটীলৈ আহি সদায়ে আনন্দ লাভ কৰা বুলি উল্লেখ কৰি আজি কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ বিষয়েও সদৰী কৰে৷ অন্তৰংগ আলাপ অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে৷ ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত৷

ইপিনে আজি গ্ৰন্থমেলাত উন্মোচিত হয় অন্তৰ আত্ৰেয়ৰ “মহাৰণঃ হৰি বনাম হৰ” শীৰ্ষক কিতাপখন৷ ৰেখা প্ৰকাশনে ছপা কৰা এই গ্ৰন্থখন উন্মোচন কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাই৷ উল্লেখ্য যে আগশাৰীৰ প্ৰকাশন “বনলতা”ই এইবেলি প্ৰকাশ কৰি উলিয়াইছে বিশিষ্ট কলা-চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ “অসমীয়া চিনেমাৰ এটি অধ‍্যায়” শীৰ্ষক গ্ৰন্থখন৷ কিতাপখন অসম গ্ৰন্থমেলাত উপলব্ধ হোৱা বুলি জনাইছে “বনলতা”ই৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.