31.3 C
Guwahati
Wednesday, October 22, 2025
More

    শেহতীয়া আপডেটঃ

    অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনৰ দেহাৱসান

    ■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
    দেওবাৰে বিয়লি ৬ বাজি ২০ মিনিটত দিছপুৰ হস্পিটেলৰ পৰা নেদেখা জনৰ ওচৰলৈ গুচি যায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অভিভাৱক স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মন। আজি কিছুদিন ধৰি তেওঁ উচ্চ ৰক্তচাপ আৰু শ্বাস প্ৰশ্বাসজনীত কাৰনত তেওঁ দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

    ১৯৩১ চনৰ ১২ অক্টোবৰত নলবাৰীৰ বেলশৰৰ শিঙিমাৰাত জন্ম গ্ৰহণ কৰিছিল ডা:ভূমিধৰ বৰ্মনে।

    ৭ বাৰকৈ অসম বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছিল সদ্য প্ৰয়াত ডা: ভূমিধৰ বৰ্মনে।

    ১৯৬৭ চনত পোনপ্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল অসম বিধানসভাৰ মজিয়ালৈ।

    অসমৰ ১২ নং মুখ্যমন্ত্ৰী আছিল ডা: ভূমিধৰ বৰ্মন।

    সমগ্ৰ অসমকে ধৰি নলবাৰী জিলাতো আজি শোকৰ ছাঁ পৰিছে। বিশেষকৈ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিবাসীয়ে এজন অভিভাৱক হেৰুৱা যেন অনুভৱ কৰিছে।

    নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা, নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সাহিত্য সভা আৰু নলবাৰী জিলাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগতে বিভিন্ন স্তৰৰ ৰাইজে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds