31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অসমীয়া বিজেপি বাৰ্তা উন্মোচন

    সভাপতি ভৱেশ কলিতাই চিকিৎসক দিৱস উপলক্ষে আজি GMCH ত উপস্থিত হৈ অধ্যক্ষক সাক্ষাৎ কৰাৰ লগতে চিকিৎসক সকলৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।

    ■ গুৱাহাটী: ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আজি অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিৰ মাহেকীয়া মুখপত্ৰৰ “অসমীয়া বিজেপি বাৰ্তাৰ” ৫৫ সংখ্যক সংস্কৰণ উন্মোচন কৰা হয়।

    দলৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আলোচনীখন উন্মোচন কৰে। সভাত বক্তব্য ৰাখি সভাপতি ভবেশ কলিতাই কয় যে, দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো কাৰ্যকৰ্তাৰ ভূমিকা আছে।

    সেয়েহে, সেৱাই সংগঠনৰ মনোভাৱেৰে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণৰ মনোভাৱেৰে আমি আগবাঢ়ি যাব লাগিব। দলৰ ভাৱমূৰ্তি যাতে জনসাধাৰণৰ মানসপটত স্বচ্ছ আৰু নিকা হৈ থাকে তাৰ বাবে সকলো কাৰ্যকর্তাই দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব।

    এইক্ষেত্ৰত তেওঁ শ্যামা প্ৰসাদ মুখাৰ্জী , দীনদয়াল উপাধ্যায়দেৱৰ দৰে পুৰোধা ব্যক্তি সকলৰ আদৰ্শ অনুকৰণ কৰিবলৈ সকলোকে আহ্বান জনায়। “অসমীয়া বিজেপি বাৰ্তা” মুখপত্ৰখন নিয়মিতভাৱে আৰু সু-শৃংখলিত ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে তেওঁ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত ৰণজিৎ কুমাৰ দাসে, নৱ নিযুক্ত সভাপতি গৰাকীৰ গতিশীলতাই আলোচনীখনৰ এই ধাৰা অক্ষুন্ন ৰাখিব বুলি আশা ব্যক্ত কৰে।

    তেওঁ কয় যে, বিভিন্ন প্ৰত্যাহ্বানকো নেওচি আলোচনীখন যোৱা ৫ বছৰ ধৰি নিয়মিতভাৱে প্ৰকাশ পাই আহিছে। আলোচনীখনৰ সম্পাদক ড০ দেৱদত্ত বৰকটকীৰ দায়বদ্ধতা আৰু কামৰ প্ৰতি থকা সমৰ্পণ মনোভাৱৰ বাবেই এইয়া সম্ভৱ হৈ উঠাৰ কথা প্ৰকাশ কৰে। প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে মুখপত্ৰখনৰ সফল প্ৰকাশৰ বাবে ড০ দেৱদত্ত বৰকটকীক ধন্যবাদ জনায়। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

    উল্লেখযোগ্য যে, সভাপতি ভৱেশ কলিতাই চিকিৎসক দিৱস উপলক্ষে আজি GMCH ত উপস্থিত হৈ অধ্যক্ষক সাক্ষাৎ কৰাৰ লগতে চিকিৎসক সকলৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। চিকিৎসালয়খনত কৰ্মৰত সকলো কৰ্মচাৰীক এই ক’ৰ’ণা মহামাৰীৰ জটিল সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

    অনুষ্ঠানত “অসমীয়া বিজেপি বাৰ্তাৰ” সম্পাদক ডঃ দেৱদত্ত বৰকটকীয়ে সভাৰ উদ্দেশ্যে বাখ্যা কৰে। ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়দেৱে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, উপ সভাপতি জয়ন্ত দাস, দলৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী মিডিয়া বিভাগৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰলৰ লগতে বিধায়ক,ৰাজ্যিক বিষয়ববীয়া আৰু দলৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds