31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

    নৰবাৰী চহৰৰ ছোৱালী হাইস্কুলৰ সন্মুখত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত সম্পূৰ্ন ক’ভিড প্ৰটকল মানি নিতৌ বৃদ্ধি হোৱা অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

    ক’ভিড সৃষ্ট পৰিৱেশে সমগ্ৰ দেশ তথা ৰাজ্যত অৰ্থনৈতিক দিশত বিৰুপ প্ৰভাৱ পেলাইছে। ফলশ্ৰুতিত সৰ্বসাধাৰণ শ্ৰেণীৰ লোকসকল বিষেশভাৱে ক্ষতিগ্ৰস্ত হৈছে। নিতৌ খাদ্য সামগ্ৰীকে ধৰি পেট্ৰ’ল, ডিজেল, গেছ চিলিণ্ডাৰ মূল্য যি হাৰত বৃদ্ধি হ’বলৈ ধৰিছে, ই সাৰ্বসাধাৰণ ৰাইজক মাধমৰ শোধাইছে।
    সেয়ে সম্পূৰ্ন ক’ভিড প্ৰটকল মানি নলবাৰী জিলা কংগ্ৰছে গনতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে মূল্য বৃদ্ধি ৰোধ কৰাত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোটৰ চৰকাৰখন ব্যৰ্থ হোৱা বুলি জনাই আৰু চৰকাৰখনক মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আহ্বান জনাই।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.