শেহতীয়া আপডেটঃ

শিশুৰ মানসিক বিকাশত শিশু-সাহিত্যৰ অৱদান ✒️উৰ্ম্মিলা বৰগোহাঁই

– উৰ্ম্মিলা বৰগোহাঁই

আমাৰ মানৱ দেহাটোত সংঘটিত কিছুমান ক্ৰিয়াকে মানসিক ক্ৰিয়া বা কাৰ্য্য বুলি কওঁ। চিন্তা, স্মৃতি, সুখ-দুখ, ভয় – ক্ৰোধ, কামনা – বাসনা, ইচ্ছা, কল্পনা আদিবোৰেই হৈছে মানৱ জীৱনৰ মানসিক ক্ৰিয়া। প্ৰত্যেক মানসিক ক্ৰিয়াৰ স’তে দৈহিক প্ৰক্ৰিয়াও জড়িত হৈ আছে। আমি সকলোৱে জানো যে নৱজাত শিশু এটিৰ শাৰীৰিক পুষ্টিসাধন হোৱাৰ লগে লগে শিশুটিৰ মনৰো বিকাশ সাধন হয়। শাৰীৰিক আৰু মানসিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ অতি নিবিড় সম্বন্ধ আছে। ঠিক তেনেদৰে ভাষা আৰু সাহিত্যৰ সম্বন্ধও অতি নিবিড়। ভাষাক বাদ দি কেতিয়াও কলা, সংস্কৃতি, সাহিত্য, সভ্যতা হ’ব নোৱাৰে।

Language Support for Young Children in Assam - ASER: Annual Status of Education Report
সাহিত্য হৈছে আমাৰ মনৰ ভাব খিনি প্ৰকাশ কৰা প্ৰণালী। যিবোৰ পঢ়োৱৈসকলে পঢ়ি আনন্দ পায়। অৰ্থাৎ পঢ়োৱৈসকলক নিৰ্লিপ্ত আনন্দ দিব পৰা সাহিত্যৰ অনিবাৰ্য্য ধৰ্ম। সাহিত্যসমূহত সাধাৰণতে অনুভূতি, সত্যৰ আদৰ্শ, সৌন্দৰ্য্যৰ আদৰ্শ, চিন্তাধাৰা, সৌন্দৰ্য্যৰ পূজা – অৰ্চনা, আদৰ্শ আদি চিৰন্তন চলি অহা ঘটনা, যিবোৰ পঢ়ি পাঠকসকল আত্ম-বিভোৰ, আত্ম-বিস্মৃত আনন্দৰ উপলব্ধি হয়।
অন্যহাতে শিশু-সাহিত্য হৈছে এনে এবিধ সাহিত্য যি শিশুক কেন্দ্ৰ কৰি অতি সাৱলীল ভাষাৰে সুন্দৰকৈ বিভিন্ন কাহিনী, গল্প, পৰীৰ সাধু, গছৰ সাধু, পৌৰাণিক কাহিনীৰ সাধু, জলপৰীৰ সাধু, যিবোৰত নীতি, নৈতিকতামূলক শিক্ষাও অন্তৰ্ভুক্ত কৰা হয়।

The need for reading habit clubs in schools
শিশু – সাহিত্য শিশুৰ মানসিক বিকাশ সাধনৰ ভেটিস্বৰূপ। শিশুসকল সাধাৰণতে সহজ-সৰল আৰু কল্পনা প্ৰৱণ হয়। বাস্তৱ জটিলতাৰ সংস্পৰ্শলৈ নহা শিশুসকলৰ মানসিক জগতৰ লগত সংগতি ৰাখি অতি সহজ – সৰল ভাষাৰে শিশু-সাহিত্য সমূহ ৰচনা কৰিব লাগে। শিশুৰ বুদ্ধি, মানসিক বিকাশ, ৰুচিৰ বিকাশত শিশু-সাহিত্যৰ অৱদান নুই কৰিব নোৱাৰি। শিশুৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ শিশু-সাহিত্যত এনে কাহিনী লিখা উচিত – যিবোৰ পঢ়ি শিশুসকলৰ দয়া, শ্ৰদ্ধা, মমতা, ক্ষমা, মৰম, সহানুভূতি, অনুভূতি, কল্পনা, নৈতিক আদৰ্শৰ বিকাশ সাধন হয়। আজিৰ শিশু কালিলৈ দেশৰ এজন সু-নাগৰিক। আমি অভিভাৱকসকলে শিশুসকলক ঘৰখনতে এজন আদৰ্শৱান সু-নাগৰিক কৰি গঢ়িবলৈ যত্নপৰ হ’ব লাগে।


শিশুসকলক শিশু-সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি গঢ়িব লাগিব।তেওঁলোকক শিশু-সাহিত্য অধ্যয়নৰ স্পৃহা জগাব লাগিব। বিভিন্ন ধৰণৰ কাহিনী যেনে – – জনশ্ৰুতিমূলক বা লিখিত কাহিনী, সাধুকথা কয়, ৰামায়ণ, মহাভাৰতৰ কাহিনী কয় শিশুসকলক অধ্যয়নৰ স্পৃহা জগাব লাগে।বেতালৰ সাধু, পঞ্চতন্ত্ৰ, ৰঙাপৰীৰ সাধু, জলপৰীৰ সাধু, ভুতৰ গল্প আদি শুনি শিশুসকল সততে উৎসাহিত হোৱা দেখা যায়। এনে কাহিনীৰ সাহিত্য শিশুসকলক যোগান ধৰি শিশুসকলক কাহিনীৰ চৰিত্ৰৰ লগত একাত্ম হ’বলৈ সুবিধা দিব লাগে।যেতিয়াই শিশুসকল কাহিনীৰ চৰিত্ৰৰ স’তে একাত্মক হ’ব পাৰিব তেতিয়া শিশুসকলৰ মানসিক বিকাশ সাধন হোৱা লগতে কল্পনা শক্তিও বৃদ্ধি পাব।
ৰামায়ণ, মহাভাৰত, উপনিষদ, পুৰাণ, দেশ-বিদেশৰ কাহিনী, মহাপুৰুষৰ জীৱনী, ভ্ৰমণ কাহিনী, মহৎলোকৰ বাণী, ৰসালপূৰ্ণ কাহিনী, অনুবাদ সাহিত্য শিশুৰ ৰচনাই শিশুসকলৰ মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিকাশ সাধনৰ উপৰিও সমগ্ৰ বিশ্ব – সাহিত্যৰ লগত পৰিচিত হ’ব।

Picture Story Books for Children on Assamese Languageশিশুসকল অনুসন্ধিৎসু আৰু ভাবপ্ৰৱণ হয়। শিশু – সাহিত্যৰ কাহিনী বা ৰচনাসমূহৰ সামৰণিত নীতি – শিক্ষামূলক টোকা বা প্ৰশ্ন ৰাখি সিহঁতৰ মন অধিক কৌতুহল কৰি ৰাখিব লাগে। এনে কৰিলে শিশুসকলৰ মনত বিষয়বস্তুৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু সঠিক উত্তৰ বিচাৰি চিন্তা কৰিবলৈ ধৰিব, ফলত শিশুসকলৰ চিন্তাশক্তি বাঢ়িব। শিশু-সাহিত্যৰ অধ্যয়নে শিশুসকলক চিন্তা কৰিবলৈ, কল্পনা কৰিবলৈ, সাঁথৰ ভাঙিবলৈ, যুক্তি দৰ্শাবলৈ, বিচাৰ-বিবেচনা কৰিবলৈ, বিশ্লেষণ কৰিবলৈ, অনুসন্ধিৎসু হ’বলৈ সহায়ক হয়। অন্যহাতে প্ৰাকৃতিক সামৰি কৰা ৰচনাৰাজিয়ে প্ৰকৃতিসজগতৰ বিচিত্ৰ চৰিত্ৰ সমূহৰ স’ তে বন্ধুত্ব কৰি প্ৰাকৃতিক পৰিবেশৰ স’তে সহাৱস্থানৰ মানসিকতা গঢি উঠে। এনে হোৱাৰ ফলত কোমল মনৰ শিশুসকলৰ মনত পৰিবেশ চেতনা, পৰিৱেশক জ্ঞান আৰু প্ৰকৃতি প্ৰেম গঢ়ি উঠে। ফলত শিশুসকল সাহিত্য জগতত সোমাই নিজেও সাহিত্যৰ সৃষ্টি কৰিবলৈ আগ্ৰহী হয়। প্ৰতিজন অভিভাৱকে শিশুসকলক শিশু-সাহিত্যৰৰ অধ্যয়নৰ সুযোগ দিয়া উচিত। কাৰণ তেওঁলোকৰ পথ প্ৰদৰ্শক আৰু সহায়-সহযোগিতা অবিহনে কেতিয়াও সাহিত্য অধ্যয়নৰ স্পৃহা জগাই তুলিব নোৱাৰি। শিশুৰ মনৰ সাহিত্য অধ্যয়নৰ স্পৃহা জগাই তোলাত প্ৰতিজন অভিভাৱকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

Children Literature – Assam Prakashan Parishad
ভাষাৰ অবিহনে যিদৰে সাহিত্য, কলা, সভ্যতা, সংস্কৃতি অসম্ভৱ ঠিক তেনেদৰে শিশু-সাহিত্যৰ অবিহনেও কোনো জাতিৰ ভাষাই নিজ সাহিত্যৰে চহকী নহয় তথা চহকী বুলি দাবী কৰিব নোৱাৰে। শিশু -সাহিত্যৰ গুণগত দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে শিশুৰ মানসিক বিকাশত শিশু-সাহিত্যৰ অৱদান অতি গুৰুত্বপূৰ্ণ। অকল খোৱা-বোৱাৰ ওপৰত মানৱজীৱন নিৰ্ভৰশীল নহয়। সেয়ে বাইবেলত কোৱা আছে- Man doth not live by bread only.. শিশুসকলৰ সাহিত্য অধ্যয়ন স্পৃহাই তেওঁলোকক কৰ্মৰ প্ৰতি অনুপ্ৰাণিত আৰু দায়িত্বশীল হ’বলৈ অৰিহণা যোগায়। সেয়ে আমি প্ৰতিজন অভিভাৱকে তেখেতসকলৰ শিশুৰ জন্মদিনত একোখনকৈ শিশু-সাহিত্য উপহাৰ হিচাপে দিয়া উচিত। এনে কৰিলে শিশুসকলৰ মানসিক বুদ্ধি, চিন্তাধাৰাৰ বিকাশ হোৱাৰ লগতে জ্ঞানৰ পৰিসৰ বৃদ্ধি পাব, বাঢ়িব অধ্যয়নৰ স্পৃহা।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.