বৰভাগত ভাৰতৰত্ন সুধাকন্ঠ ড°ভুপেন হাজৰিকাৰ মৃত্যু দিৱস পালন :

 

বৰভাগ যুৱ সমাজ আৰু বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় দশম বাৰ্ষিক স্মৃতি দিৱস।

নলবাৰী জিলাৰ বৰভাগ কালাগত যুৱ সমাজ আৰু বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত ভাৰতৰত্ন সুধাকন্ঠ ড°ভুপেন হাজৰিকাৰ দশম বা্ৰ্ষিক মৃত্যু তিথি পালন কৰা হয়।ৰাতিপুৱা পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,স্মৃতি ৰোমন্হনৰ লগতে সুধাকন্ঠ ভাৰতৰত্ন ভুপেন হাজৰিকা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সংগীত প্ৰতিযোগিতা শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী ফনিন্দ্ৰ্ নাথ চক্ৰৱৰ্তীয়ে।অভিনেতা গৰাকীয়ে সুধাকন্ঠৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী প্ৰদান কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত হাজৰিকা দেৱৰ গীত গাই উপস্হিত ৰাইজক আপ্লুত কৰে।

ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.