Sunday, May 25, 2025
27 C
Guwahati

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি ৷

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২০ ডিচেম্বৰ ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী-সোনাজুলিত এন,ডি. এফ . বি (সংবিজিত) উগ্ৰপন্থী গোটৰ দ্বাৰা সংঘটিত হোৱা নৰহত্যা স্থলীত পালন কৰিব স্মৃতি দিৱস ৷এতিয়াও ফুলবাৰী-সোনাজুলিৰ ৰাইজে পাহৰিব পৰা নাই দেশ কপাই যোৱা ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ তাৰিখে আবালবৃদ্ধবনিতাকে ধৰি ৩০ জনকৈ নিৰিহ লোকক হত্যা কৰা কালসন্ধিয়াৰ সেই লোমহৰ্ষক ঘটনা ৷

উগ্ৰপন্থীয়ে খেদি খেদি গুলীয়াই হত্যা কৰিছিল নিৰিহ লোক সকলক ৷ কলা অধ্যায়ৰ সুচনা হোৱা সেই দিনটোতে ফুলবাৰী-সোনাজুলিৰ ৰাইজে নিহত লোক সকলক এটোপাল চকুলোৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে বিগত বৰ্ষত পালন কৰাৰ দৰে এই বছৰতো পালন কৰিব সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷

ইতিমধ্যে স্মৃতি দিৱস উদযাপন উপলক্ষে পুৰ্ণ প্ৰস্তুতি চলি আছে ৷

স্মৃতি দিৱস উদযাপনৰ বাবে কাৰ্যক্ৰমণিকাও যুগুত কৰি উলিয়াইছে উদযাপন সমিতিয়ে ৷

বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু স্থানীয় জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত অহা ২৩ ডিচেম্বৰ তাৰিখে ফুলবাৰী স্মৃতিসৌধ প্ৰাঙ্গণত স্মৃতি দিৱসটি উদযাপন কৰা হ’ব

৷এদিনীয়া কাৰ্যসুচীৰে ৰূপায়ণ হবলগীয়া অনুষ্ঠান ভাগৰ পুৱা ৯ বজাত ছাত্ৰ সংগঠনৰ দ্বাৰা পতাকা উত্তোলন কৰা হব ৷

৯:৩০ বজাত বিশ্বনাথ জিলা উপায়ুক্ত আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা স্মৃতিতৰ্পণ অনুষ্ঠান সম্পন্ন কৰা হব ৷

তৎপশ্চাৎ নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে উদযাপন সমিতিয়ে ৷দুপৰীয়া ১২ বজাৰ লগে লগে মুলসভা অনুষ্ঠিত হ’ব ৷

সভাত মুখ্য অতিথি হিচাবে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে অংশগ্ৰহণ কৰিব ৷

বিশিষ্ট অতিথি ৰূপে সাংসদ পল্লৱলোচন দাস , বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ,বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ,গহপুৰৰ বিধায়ক উৎপল বৰা আৰু আদিবাসী আইকন লক্ষ্মী ওৰাঙে অংশগ্ৰহণ কৰিব ৷

সন্মানীয় অতিথি হিচাবে প্ৰাক্তন আছুনেতা দুলদুল বৰকটকীকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে উদ্যোক্তা সকলে ৷

- Advertisement -

Hot this week

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds