31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বনৰীয়া হাতীৰ আক্ৰমণত ৰাণীত ধান কাটিবলৈ যোৱা শ্ৰমিক আহত

    ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ পাৰ্শ্ববৰ্তী ৰাণী অঞ্চলৰ খেতি পথাৰত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। আনকি কৃষকে ধান কাটি থকাৰ মাজতেই আজি পুৱা ধান কাটিবলৈ যোৱা এজন শ্ৰমিক গুৰুতৰভাবে আহত হয়। জানিব পৰা মতে মেঘালয় সীমান্তৰ পৰা কিছু নিলগৰ ৰাণীৰ পাটহালধীয়াত পুৱা ৭ মান বজাত পথাৰত বন্দোবস্তি অনুসৰি ৭ জন শ্ৰমিক এজন কৃষকৰ ধান কাটিবলৈ গৈছিল। কিন্তু হঠাৎ এটা বনৰীয়া হাতীৰ মুখামুখি বাকী ছয়জনে দৌৰি পলাই যাবলৈ সক্ষম হয় যদিও মেহেৰ আলী নামৰ শ্ৰমিক জনক হাতীটোৱে শুৰডালেৰে ধৰি দলি মাৰি দিয়ে।

    ফলত কঁকাল আৰু ভৰিত তেঁও বেয়া ধৰণে আঘাটপ্ৰাপ্ত হয়। আহত শ্ৰমিকজনক বৰপেটা জিলাৰ চেঙাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আনহাতে ঘটনাৰ খবৰ পাই ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ আহত শ্ৰমিকজনক চিকিৎসাৰ বাবে ৰাণী সামূহিক চিকিৎসালয়ত তেওঁৰ চৰকাৰী বাহনত নি ভৰ্ত্তি কৰায়। সম্প্ৰতি তেঁও বিপদমুক্ত বুলি জানিব পৰা গৈছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.