31.3 C
Guwahati
Wednesday, December 10, 2025
More

    শেহতীয়া আপডেটঃ

    বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

    এই আসনে পুৰুষ আৰু মহিলাৰ যৌন গ্ৰন্থিৰ ওপৰত প্ৰভাৱ পেলায়। যৌন গ্ৰন্থিবোৰ সবল আৰু সক্ৰিয় হয়। যৌন হ’ৰম’ন নি:সৰণ হোৱাত সহায় কৰে। নপুংসকতা আৰু ব্যন্ধা সমস্যা লাহে লাহে দূৰ হয়।

    বজ্ৰাসন কি?

    বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা শক্তিশালী) আৰু স্থিৰ কৰি তোলে। সেইবাবে এই আসনক বজ্ৰাসন (Bozrasana) বোলে। এই আসনৰ সহায়ত আমাৰ শৰীৰত ধ্যান বিশ্ৰাম আৰু স্বাস্থ্যৰ অপূৰ্ব সমাহাৰ ঘতে। বজ্ৰাসনেই একমাত্ৰ আসন যাক খাদ্য খোৱাৰ পিছতেই কৰিব পাৰি বা যিকোনো সময়ত কৰিব পাৰি।

    বজ্ৰাসন কৰা ঠাই কেনেকুৱা হ’ব লাগে?

    যোগৰ নিয়ম অনুসৰি সকলো প্ৰকাৰৰ আসন – প্ৰাণায়াম প্ৰকৃতিৰ মুকলি পৰিৱেশত কৰিব লাগে।যাতে আমি বিশুদ্ধ অক্সিজেন লাভ কৰিব পাৰো।অসুবিধা হ’লে ঘৰৰ ভিতৰত বা বাৰাণ্ডাতো কৰিব পাৰি।বজ্ৰাসনত বহিবৰ বাবে মজিয়া বা মাটিত এখন ‘yoga mate’,ডাঠ কম্বল, ডাঠ চাদৰ আদি পাৰি ল’ব লাগে।নহ’লে বিচনাৰ ওপৰতো কৰিব পাৰি।অৱশ্যে ঘৰৰ ভিতৰত কৰিলে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খোলা ৰাখিব লাগে।

    বজ্ৰাসন কেতিয়া কৰিব নালাগে?

    আঁঠু,গোৰোহাৰ গাঁঠি,আঙুলিৰ গাঁঠি,কঁকালৰ তলৰ অংশৰ মাংসপেশীৰ অত্যন্ত বিষ থাকিলে বজ্ৰাসন কৰিব নালাগে।ভৰিৰ যিকোনো অংশত হাড় ভগা থাকিলে হাড় ভালদৰে জোৰা নলগা পৰ্যন্ত এই আসনত বহিব নালাগে।

    বজ্ৰাসন কেনেকৈ কৰা হয়?

    • প্ৰথমে ‘দণ্ডাসন’ত বহি লওক।
    • এতিয়া বাওঁভৰিখন আঁঠুত ভাজ কৰি নিতম্বৰ কাষত গোৰোহাটো ৰাখি একেদৰে সোঁ ভৰিখনো ভাজ কৰি লওক।
    • আঁঠু দুটা আৰু ভৰিৰ বুঢ়া আঙুলি দুটা লগ লগাই গোৰোহাৰ ওপৰত বহি লওক।
    • লক্ষ্য কৰিব লাগে যাতে ভৰিৰ পতা দুখন মাটি (floor)ত ভালদৰে লাগি থাকে আৰু গোৰোহা দুটা নিতম্বৰ বাহিৰৰ ফালে সামান্য ওলাই থাকে।
    • এতিয়া মেৰুদণ্ডসহ কঁকাল, বুকু আৰু ডিঙি পোন কৰি হাত দুখন আঁঠু দুটাৰ ওপৰত ৰাখক।
    • গোটেই শৰীৰটো শিথিল কৰি দিব লাগে যাতে আপুনি বেচ আৰামেৰে বহি সুখ অনুভৱ কৰিছে।
    • লাহে লাহে চকু মুদি উশাহ-নিশাহ স্বাভাৱিকভাৱে ৰাখক।এই সময়ছোৱাত আপোনাৰ মনত আজ্ঞাচক্ৰ (কপালৰ ফোঁট লোৱা ঠাই)ত স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।ইয়েই হ’ল পূৰ্ণ বজ্ৰাসন পদ্ধতি।

    বজ্ৰাসনে শৰীৰত কেনেদৰে ক্ৰিয়া কৰে?

    বজ্ৰাসনত বহিলে আঁঠু আৰু ভৰিৰ নিম্ন অংশত প্ৰচুৰ চাপ পৰে।চাইটিক নাৰ্ভ আৰু স্নায়ুৰজ্জু সক্ৰিয় হৈ উঠে।বজ্ৰাসনে শৰীৰৰ প্ৰতিটো চক্ৰ যেনে মুলাধাৰ চক্ৰ,স্বাধিষ্ঠান চক্ৰ,মণিপুৰ চক্ৰ,অনাহত চক্ৰ,বিশুদ্ধ চক্ৰ,আজ্ঞা চক্ৰ আৰু সহস্ৰা চক্ৰৰ ওপৰত প্ৰভাৱ পেলায়।যাৰ ফলত এই চক্ৰসমূহৰপৰা নি:সৰণ হোৱা হ’ৰম’ন আৰু অন্যান্য ৰসবোৰ শৰীৰত সঠিক মাত্ৰাত ৰাখে।মণিপুৰ চক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ পৰে বাবে এই চক্ৰৰ অন্তৰ্গত যকৃত,পাকস্থলী আৰু অগ্ন্যাশয় গ্ৰন্থি অধিক কাৰ্যক্ষম হয়।বজ্ৰাসনে পাকস্থলীৰ সংকোচন আৰু প্ৰসাৰণ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ফলত বিভিন্ন প্ৰকাৰৰ পাচক ৰসৰ নি:সৰণ ঘটে।সিৰা,ধমনী আৰু হৃদযন্ত্ৰৰ কাৰ্য সক্ৰিয় হয়।ফলত ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ঠিকমতে ঘটে।শৰীৰৰ প্ৰতিটো কোষলৈ বিশুদ্ধ অক্সিজেন প্ৰবাহিত হয়,নতুন কৈশিকা গঠন হয়,তেজৰ দূষিত পদাৰ্থবোৰ পৰিষ্কাৰ হয়।

    বজ্ৰাসনৰ উপকাৰ

    • দৈনিক আহাৰ খোৱাৰ পিছত নিম্নতম পাঁচমিনিট সময় বজ্ৰাসনত বহিলে পাকস্থলীত খাদ্য মিহলি আৰু পাচন প্ৰক্ৰিয়া ঠিকমতে ঘটে।ফলত শৰীৰৰ হজম শক্তি বৃদ্ধি পায়।
    • এই আসনে পিঠিৰ বিষ আৰু কঁকালৰপৰা ভৰিৰ গোৰোহালৈ থকা চাইটিক নাৰ্ভৰ সমস্যাবোৰ দূৰ কৰে।ফলত ভৰিত শিৰামূৰি ধৰা,ভৰি টনা,ভৰিৰ জিনজিননি উঠা এই স্নায়ুজনিত ৰোগবোৰ দুৰ হয়।
    • বজ্ৰাসনত নিয়মিত বহা অভ্যাস কৰিলে ভৰিৰ জোৰা বা সন্ধিবোৰৰ জঠৰতা দুৰ হয় আৰু তাত হোৱা বাতবিষ নিৰাময় হয়।
    • এই আসনত বহাৰ অভ্যাস কৰিলে মেৰুদণ্ডৰ সমস্যা দূৰ হয়,মেৰুদণ্ড পোন আৰু সবল হয়।
    • বজ্ৰাসনে ভৰিৰ সিৰাবোৰে টোপোলা বন্ধা(varicose vein)ৰোগ নিৰাময়ত সহায় কৰে।
    • খাদ্য খোৱাৰ পিছত বজ্ৰাসনত পাঁচ মিনিট বহিলে এক কিলোমিটাৰ দূৰত্ব খোজকঢ়াৰ সমান ফল পোৱা যায়।
    • নিয়মিত বজ্ৰাসন অভ্যাসে গেষ্ট্ৰিক,এচিডিটি আৰু পিত্তৰোগ নিৰাময় কৰে।
    • বজ্ৰাসনে হজম আৰু পাচন বৃদ্ধি কৰি তেজত থকা শৰ্কৰাৰ পৰিমাণ কমাই দিয়ে;ফলত ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হোৱাত সহায় কৰে।
    • বজ্ৰাসনে শ্বাসজনিত সমস্যা যেনে উশাহ-নিশাহত কষ্ট পোৱা,কফ, এজমা আৰু শৌচ কঠিন হোৱা সমস্যাবোৰ দূৰ কৰে।
    • শৌচ কঠিন হোৱা ৰোগীয়ে নিয়মিতভাৱে পুৱা শুই উঠি এগিলাচ কুহুমীয়া পানী খাই ৫-১০ মিনিট বজ্ৰাসনত বহিলে এই ৰোগ নিৰাময় হয়।
    • বজ্ৰাসনে বৃক্ক মূত্ৰনলী আৰু মূত্ৰাশয় অধিক শক্তিশালী কৰি তোলে,ফলত প্ৰস্ৰাৱজনিত ৰোগবোৰ দূৰ হয়।
    • এই আসন নিয়মিত ১০-৩০ মিনিট পৰ্যন্ত অভ্যাস কৰি শাৰীৰিক আৰু মানসিক স্থিৰতা বৃদ্ধি কৰিব পাৰি।
    • দৈনিক দুই- তিনি দিনৰ মূৰে মূৰে মূৰত তেল মালিচ কৰি পুৱাৰ কোমল ৰ’দত নিম্নতম পাঁচ মিনিট সময় বজ্ৰাসনত বহিলে সাধাৰণ আৰু দীৰ্ঘদিনীয়া মূৰৰ বিষ নাইকিয়া হয়।
    • নিয়মিত বজ্ৰাসনত বহি পাঁচ মিনিট সময় ম’হৰ শিঙৰ ফণীৰে চুলিৰ গুৰিত অলপ দুখ পোৱাকৈ মূৰ ফণিয়ালে চুলিৰ গুৰি মজবুত হয়,চুলি নসৰে আৰু নপকে।
    • অত্যন্ত ব্যস্ত ব্যক্তিসকলে কিতাপ,আলোচনী,বাতৰিকাকত আদি পঢ়োতে বিচনাৰ ওপৰত বজ্ৰাসনত বহি পঢ়িব পাৰে বা টিভি চোৱা কাৰ্য এই আসনত বহি কৰিলেও বজ্ৰাসনৰ সু-ফল পাব পাৰে।
    • এই আসনে পুৰুষ আৰু মহিলাৰ যৌন গ্ৰন্থিৰ ওপৰত প্ৰভাৱ পেলায়। যৌন গ্ৰন্থিবোৰ সবল আৰু সক্ৰিয় হয়। যৌন হ’ৰম’ন নি:সৰণ হোৱাত সহায় কৰে। নপুংসকতা আৰু ব্যন্ধা সমস্যা লাহে লাহে দূৰ হয়।
    • এই আসনে উচ্চ আৰু নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
    • বজ্ৰাসনে শৰীৰৰ ভাগৰ দুৰ কৰি শৰীৰক বিশ্ৰাম প্ৰদান কৰে।

    লেখক: ৰংমন ৰংদৈ, দৈনিক অসম

    Source:vikaspedia
    Via By: AsomKhobor
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds