Sunday, May 25, 2025
27 C
Guwahati

পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলং-কোকৰাঝাৰ-বঙাইগাঁও-বিশ্বনাথৰপৰাও আহিল ভূপেন-অঞ্জন-কমল-ৰত্ন
গুৱাহাটীঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ মাজত দেওবাৰে পুনৰ মিলিত হ’ল নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী। তিনি কুৰিৰ দেওনা স্পৰ্শ কৰিবলগীয়া এইসকল প্ৰাক্তন গৰ্ডনিয়ানৰ মিলন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সকলো আহি আবেগিক হৈ পৰে। পানীখাইটিস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ১৯৮২ বৰ্ষৰ গৰ্ডনিয়ানসকলৰ পুনৰ মিলন অনুষ্ঠানত ইজনে সিজনক প্ৰত্যক্ষ কৰি নষ্টালজিক হৈ পৰে। সমাৰোহত প্ৰতিগৰাকী সহপাঠীয়ে ৰোমন্থন কৰিলে চল্লিছটা বৰ্ষৰ পূৰ্বৰ স্মৃতি। নিজৰ ষাঠিটা বসন্তৰ বৃদ্ধাৱস্থা পাহৰি বিভিন্নজনে নাচ-গান-কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলে লুইতৰ চাপৰিৰ পাৰ।

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলঙৰ হাওৰাঘাটৰ ইংৰাজীৰ বিষয় শিক্ষক ভূপেন্দ্ৰ শৰ্মা মাত্ৰ এঘন্টাৰ বাবে হ’লেও আহি অংশ ললে প্ৰাক্তন গৰ্ডনিয়ানৰ সমাৰোহত। কোকৰাঝাৰস্থি বি টি আৰৰ ৰেচম সঞ্চালক অঞ্জন কুমাৰ চক্ৰৱৰ্তী, বঙাইগাঁওস্থিত ধুবুৰী জলসিঞ্চন চক্ৰৰ কাৰ্যবাহী অভিযন্তা কমল কুমাৰ শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ৰত্নকিংকৰ গোস্বামীও আহি ৰোমন্থন কৰিলে গৰ্ডনত অতিবাহিত কৰা স্মৃতি। নাৰেংগীৰ সেনা ছাউনীত কৰ্মৰত মনোজ বুজৰ বৰুৱাৰ বিশেষ উদ্যোগ আৰু কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তপন বৰ্মনৰ বদান্যতাত অনুষ্ঠিত এই মিলন সমাৰোহ আবেগিক কৰি তোলে অৰুণ জ্যোতি শৰ্মা আৰু কমল শৰ্মাৰ স্বৰচিত কবিতা আবৃত্তি আৰু ৰত্নকিংকৰ গোস্বামীৰ হিন্দী গীতে। নলবাৰীৰপৰা অহা যোগাচাৰ্য স্বামী বৰুণ আনন্দই মানৱ জীৱনশৈলীৰ সম্পৰ্কত বৌদ্ধিক প্ৰদান কৰি সকলোকে মাৰ্গ দৰ্শন কৰে। অতি ব্যস্ততাৰ মাজতো নলবাৰীৰপৰা আহি অংশ গ্ৰহণ কৰে দিগন্ত বৰ্মন, ভূপানন্দ ৰায় বৰুৱা, অজয় শৰ্মা, জগদীশ দত্ত, ফণীন্দ্ৰ হালৈ, বংকিম শৰ্মা, কালিন্দ্ৰ দাস, অতুল শৰ্মা, হেমন্ত কলিতা, মৃদুল কুমাৰ শৰ্মা, আৰিফুদ্দিন আহমেদ, মনোজ তালুকদাৰ, ঘনশ্যাম ভৰালী আদিয়ে। গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজীৰ মূৰব্বী অধ্যাপক দিব্যৰঞ্জন খাটনিয়াৰ, ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অভিযন্তা মৃণ্ময় ভূঞা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ যুটীয়া সচিব ৰঞ্জন কুমাৰ দাস, কণক ডেকা, ৰাণা শৰ্মা আদিয়েও দুকুৰি বছৰৰ বন্ধুত্বৰ সান্নিধ্য বিচাৰি গুৱাহাটীৰ বিভিন্ন স্থানৰপৰা পানীখাইটিৰ মিলন সমাৰোহলৈ ধাপলি মেলি আহে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds