31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ প্ৰচাৰ সজাগতা সভা সম্পন্ন

    নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত
    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ প্ৰচাৰ সজাগতা সভা সম্পন্ন

    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ পৱিত্ৰ মিলন ক্ষেত্ৰত আজি এক ঘোষা চক্ৰ অনুষ্ঠিত হয়।

    এই অনুষ্ঠান অনুষ্ঠিত হয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ
    ঐতিহাসিক শ্ৰীশ্ৰীধুৱাহাট বেলগুৰি সত্ৰত।

    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা প্ৰচাৰ শাখাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান।

    গুৰুজনাৰ নীতি-আদৰ্শ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হয় এই ঘোষা চক্ৰ। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সম্পাদক ব্ৰজেন শইকীয়াই উদ্বোধন কৰে অনুষ্ঠান।

    মহাপুৰুষ মাধৱদেৱৰ নামঘোষা পাঠ আৰু ব্যাখ্যা আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা প্ৰচাৰ শাখাৰ সভাপতি ডিম্বেশ্বৰ বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অবিভক্ত লখিমপুৰ জিলা শাখাৰ প্ৰাক্তন
    সভাপতি সভাপতি জীৱন ভূঞা, নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সভাপতি নগেন বৰুৱাই আৰু ব্যাখ্যা আগবঢ়ায় জিলা প্ৰচাৰ শাখাৰ সহকাৰী সম্পাদক নন্দ বণিয়া, সদস্য বলীন ভৰালীয়ে। জিলা প্ৰচাৰ শাখাৰ সম্পাদক জগত গগৈয়ে আঁত ধৰা অনুষ্ঠানত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

    জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds