নলবাৰীত এটা পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

♦ নলবাৰী সমষ্টিৰ ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়ৰ অন্তৰ্গত কঞাজেনী গাঁৱৰ এটা বিধস্ত পথে জ্বলা-কলা খুৱাইছে জনসাধাৰণক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম গাঁৱৰ নাতিদুৰত থকা পথ এইটো।

উন্নয়নমুখী চৰকাৰৰ দিনত উন্নয়নৰ বাট নেদেখা ৰাইজে পথটোৰ বাবে জীয়াতু ভুগিছে।

ছাত্ৰ-ছাত্ৰীয়ে বাৰিষা কালত এই পথটোৰে বিদ্যালয়লৈ অহাত অসুবিধাৰ সন্মুখীন হয়।

এই অঞ্চলৰ ৰাইজে বজাৰ সমাৰ কৰিবলৈ ঘগ্ৰাপাৰ বা বিলপাৰলৈ ওলাই অহাতো দুৰৰ কথা এই পথতোৰে আহিব নোৱাৰে চিকিৎসালয়লৈও।

জৰুৰীকালীন সেৱাত এম্বুলেন্স বা পুলিচ প্ৰশাসনৰ গাড়ীও সোমাব নোৱাৰে এই অঞ্চলটোত।

পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰ খনৰ লগতে, ১৩ নং ঘগ্ৰাপাৰ গাওঁ পঞ্চায়ত প্ৰতিনিধিৰ চকুত পৰিবনে কঞাজেনীৰ এই পথটো।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.