দ্যা কাশ্মীৰ ফাইলছ’ চাব বিচৰা চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা

দ্যা কাশ্মীৰ ফাইলছ’ এই ছবিখনে এতিয়া দেশজুৰি বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো হিন্দী ছবি দ্যা কাশ্মীৰ ফাইলছ উপভোগ কৰিলে।দ্যা কাশ্মীৰ ফাইলছ উপভোগ কৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এক বিশেষ সুবিধা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰি কয় যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে এই ছবিখন চাব বিচাৰে তেওঁলোকে অৰ্ধছুটী লৈ চিনেমাখন উপভোগ কৰিব পাৰিব।কিন্তু, কৰ্মচাৰীসকলে পিছদিনাখন নিজৰ নিজৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ হাতত টিকট জমা দিব লাগিব।ছবিখন উপভোগ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে “আমি সকলোৱে আবেগিক হৈ পৰিলো। এটা কাশ্মীৰৰ সঁচা কাহিনী চলচ্চিত্ৰৰ জৰিয়তে আমাৰ সন্মুখলৈ লৈ আহিলে। এটা জীয়া কাহিনী আমাৰ সন্মুখলৈ লৈ অহা বাবে চিনেমাখনৰ লগত জড়িত সকলোকে ধন্যবাদ।”

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.