31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

    জালুকবাৰীঃ জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ অষ্টমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৩ নবেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়৷ বৈঠকৰ আৰম্ভণিতে শিল্পী, অভিনেতা, নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

    শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ বৈঠকৰ আৰম্ভণিতে ডঃ মামণি ৰয়ছম গোস্বামী আৰু ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিনৰ লগত সংগতি ৰাখি প্ৰৱন্ধ পাঠ কৰে গীতিকা দাস আৰু ৰুণুমী নাথে। স্বৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে অঞ্জু শইকীয়া দত্ত, ৰেণু ডেকা আৰু ডঃ মীনা দেৱীয়ে। স্বৰচিত গল্প পাঠ কৰে মানসী শৰ্মা আৰু মনিমা গোস্বামীয়ে। গীত পৰিৱেশন কৰে হিমাদ্ৰী দেৱী, নিৰ্মালি গোস্বামী, ডঃ অপৰ্ণা গোস্বামী, গীতিকা শৰ্মা, মিনতি গোস্বামীয়ে। স্বৰচিত কবিতা পাঠ কৰে ডঃ মামনি ভট্টাচাৰ্যই। উপদেষ্টা অন্নপূৰ্ণা দেৱীয়ে বক্তব্য ৰাখে। সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই ডঃ অপৰ্ণা গোস্বামীয়ে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.