Thursday, July 31, 2025
26.2 C
Guwahati
TOP NEWS:

চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ

- Advertisement -

চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ।

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। উল্লেখযোগ্য যে ২০১৪ চনত উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যাৱৰণ মিত্ৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা পোৱা ৰিপুঞ্জয় বৰদলৈৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীৰে বিদ্যালয়ত এখন স্থায়ী ক্ষুদ্ৰ উদ্যানৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক গোপাল দাসে। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সুশান্ত দাসৰ নেতৃত্বত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেব শইকীয়াৰ উপস্থিতিত প্ৰধান শিক্ষক ধীৰেন বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

পাচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি জনপ্ৰিয় বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ জন্মদিন বৰ আৰম্ভৰপূৰ্ণ ভাবে ছাত্ৰ-ছাত্ৰীয়ে পালন কৰে। এজন শিক্ষকৰ জন্মদিনতো পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো সমাজৰ বাবে শুভ সংকেত বুলি বিজ্ঞ মহলে মত ব্যক্ত কৰিছে। ৰিপুঞ্জয় বৰদলৈৰ নামত উৎসৰ্গিত পুলি ৰোপণ কৰে দেৱকী ভাণ্ডাৰী আৰু ষষ্ঠমানৰ ছাত্ৰ মুকুন্দ বড়োৱে। সমজুৱাকৈ শিক্ষক বৰদলৈয়ে ছাত্ৰ মুকুন্দ বড়োক দশম শ্ৰেণীলৈকে পুলি চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰে। আজিৰ কাৰ্যসূচীত চেঙামাৰী বাথৌ সমাজৰ কলেন দৈমাৰী, শিক্ষক অশোক হাজৰিকা, প্ৰজ্ঞা দাহাল, যাদৱ চন্দ্ৰ সাহা, ময়ূৰী কলিতা, ৰবিউল হুছেইন, অচ্যুত বৰা, মণিষা দত্ত হাজৰিকা, নিৰেশ শইকীয়াৰ লগতে বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
few clouds
25.1 ° C
25.1 °
25.1 °
93 %
1.9kmh
15 %
Thu
34 °
Fri
34 °
Sat
32 °
Sun
28 °
Mon
30 °