চিকিৎসক দিৱস উপলক্ষে বৃহত্তৰ বৰভাগ অঞ্চলৰ চিকিৎসালয়ৰ চিকিৎসকক শুভেচ্ছা, সম্বৰ্ধনা

♦ আজি চিকিৎসক দিৱস। কোভিডকালিন এই জটিল সময়ত সন্মুখৰ পৰা যুজঁ দিয়া চিকিৎসক সকলক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি শুভেচ্ছা তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৃহত্তৰ বৰভাগ অঞ্চলৰ কমাৰকুছি প্ৰাথমিক চিকিৎসা কেন্দ্র ,কালাগ সামুহিক স্বাস্থ্য কেন্দ্র,সানেকুছি প্ৰাথমিক চিকিৎসাল কেন্দ্র, মৰোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্রত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক সকলক নিজ নিজ স্বাস্থ্য কেন্দ্রত উপস্থিত হৈ চিকিৎসক দিৱসৰ শুভেচ্ছা তথা সম্বর্ধনা জ্ঞাপন কৰা হয়৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উপদেষ্টা তপন লহকৰ,সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল আহমেদ, সাধাৰণ সম্পাদক ময়ুৰ ৰহমান, উপ-সভাপতি ৰকী ৰাজ, যুটীয়া সম্পাদক চাজিদ আহমেদ, সদস্য অনুপ কলিতা, দিগন্ত কলিতা আৰু ৰঞ্জিত কলিতা।মহামাৰী ক’ৰোনাৰ যুদ্ধত নিজৰ জীৱনৰ কথা নাভাবি দিনে ৰাতিয়ে কভিড-১৯ত আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধ কৰাত চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মীসকলেও সৈনিকৰ দৰে কাম কৰি আহিছে।

চিকিৎসক দিৱসৰ দিনা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিকৰ তৰফৰ বৰভাগ অঞ্চলৰ চিকিৎসালয়ৰ চিকিৎসক সকলক শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা সুন্দৰ পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে বৃহত্তৰ বৰভাগ অঞ্চলৰ ৰাইজে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.