31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ঘগ্ৰাপাৰৰ অৰৰাত ট্ৰেন্সফৰ্মা বিকলঃ অন্ধকাৰত ১০ দিন ধৰি আৱদ্ধ গঞাঁ ৰাইজক শীঘ্ৰে নতুন ট্ৰেন্সফৰ্মা স্থাপনৰ দাবী আছু’ৰ

    নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰৰা গাঁৱত আজি ১০ দিন ধৰি এটা ট্ৰেন্সফৰ্মা বিকল হৈ থকাত গাঁওখনৰ প্ৰায় ৩০টা পৰিয়াল অন্ধকাৰত আৱদ্ধ হৈ আছে বুলি স্থানীয় ৰাইজ আৰু আল্লিয়া আঞ্চলিক ছাত্র সন্থাই অভিয়োগ তুলিছে। আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস, সাধাৰণ সম্পাদক নীলোৎপল দাসে অভিয়োগ কৰা মতে যোৱা ২৪ জুলাইত উক্ত গাঁওখনৰ তাহানিৰ তথা আওপুৰণি ট্ৰেন্সফৰ্মা এটা হঠাৎ বিকল হৈ পৰাত গাঁওখনৰ প্ৰায় ৩০টা পৰিয়াল দহ দিন ধৰি অন্ধকাৰত থকাৰ ফলত বিভিন্ন সমস্যাত ভুগি আছে৷

    যদিও বিদ‍্যুৎ বিভাগে আজি পৰ্যন্ত বিকল ট্ৰেন্সফৰ্মাটো আঁতৰাই নতুনকৈ এটা স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ‍্য গাঁৱৰ ৰাইজে যোৱা ২৬ জুলাইত নলবাৰী জিলাৰ বিদ‍্যুৎ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত এখন আবেদন প্ৰত্ৰ প্ৰদান কৰিছিল যদিও বিভাগটোও এই সমস্যা দুৰ কৰাত মুঠেই গুৰুত্ব দিয়া নাই। ইফালে গাঁৱৰ এইসমূহ বিদ‍্যুৎ হিতাধিকাৰীয়ে ইতিমধ্যে মাহিলী মাচুলসমুহ আদায় দিছে বুলি জানিবলৈ দিয়ে।সেয়েহে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই উক্ত গাঁৱখনত শীঘ্ৰে বিকল ট্ৰেন্সফৰ্মা আঁতৰাই নতুনকৈ এটা ট্ৰেন্সফৰ্মা স্থাপন কৰি এন্ধাৰত থকা পৰিয়ালসমুহক বিদ‍্যুৎ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.