31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    কামৰূপ( ম) জিলাত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ

    • অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসমীয়া ভাষাঃ মন্ত্ৰী অতুল বৰা
    • ভাষা গৌৰৱ কাৰ্যসূচীত অংশ লবলৈ ৰাইজক আহ্বান মন্ত্ৰী অতুল বৰাৰ

      কামৰূপ মহানগৰঃ ধ্ৰুপদী ভাষাৰ সূচীত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্ৰমে অসমীয়া ভাষাৰ উন্নতিত অৰিহণা যোগোৱা মহান মনীষী ,পুৰোধা পণ্ডিত ,ভাষাবিদসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে অসম চৰকাৰে ৩-৯ নৱেম্বৰ ২০২৪ লৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উপলক্ষে আজি কামৰূপ মহানগৰ জিলাৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে অসমীয়া জাতিৰ প্ৰথম পৰিচয় হৈছে অসমীয়া ভাষা। প্ৰাচীন কালৰে পৰা আজি পৰ্যন্ত অগণন পণ্ডিতে-গৱেষক -মনিষীয়ে অশেষ শ্ৰম কৰি অসমীয়া ভাষাক এক সন্মানজনক পৰ্যায়ত উপনীত কৰাইছে। যাৰ ফলশ্ৰুতিত যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দেশৰ মুঠ ১১ টা ভাষাৰ অন্যতম হিচাপে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰে। ভাষা জননীৰ সেৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপ দেশৰ ভিতৰতে একক আৰু অনন্য পদক্ষেপ।

    ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই পুনৰাই কয়, আমাৰ দৈনন্দিন জীৱনত ভাষাৰ সঠিক ব্যৱহাৰ, মাতৃভাষাত দক্ষতা বিকাশ, গ্ৰন্থ সংস্কৃতিৰ পুনৰুদ্ধাৰ, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ ইত্যাদিৰ যোগেদি শিশুসকলৰ মাজত মাতৃভাষাৰ প্ৰতি হাবিয়াস আৰু একাত্মবোধৰ সৃষ্টি কৰিব লাগিব। ভাষা সংৰক্ষণৰ পদক্ষেপক আমি সকলোৱে সমৰ্থন কৰি চৰকাৰী-বেচৰকাৰী সংস্থা আদিৰ সহযোগত ভাষা শিক্ষণ সম্পদ আৰু কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব। আমাৰ উঠি অহা প্ৰজন্মক মাতৃভাষাৰ সৌন্দৰ্য আৰু তাৎপৰ্যৰ বিষয়ে শিকাব লাগিব।

    একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অসমীয়া ভাষাটো অকল ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই নহ’ব, ইয়াৰ মূল্য উপলব্ধি কৰি প্ৰত্যেকে নিজৰ নিজৰ ভাষাসমূহক আগুৱাই লৈ যাব লাগিব। অনুষ্ঠানত অসম চৰকাৰৰ ফালৰ পৰা সাহিত্য আৰু ভাষাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা প্ৰসিদ্ধ লেখক ড০ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী,ভাষাবিদ-শিক্ষাবিদ ড০ লীলাৱতী শইকীয়া বৰা, বিশিষ্ট সাহিত্যিক ড০ মংগল সিং হাজোৱাৰী,বড়ো সাহিত্যক তৰেণ চন্দ্ৰ বড়ো, সাহিত্যিক, গৱেষক-অধ্যাপক ড০ গোবিন্দ প্ৰসাদ শৰ্মা, লেখক-সমালোচক ড০ শৈলেন ভৰালী, প্ৰসিদ্ধ গল্পকাৰ, চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ লগতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে দস্তাৱেজ প্ৰণয়নৰ কাৰিকৰী সমিতিৰ অধ্যক্ষ সুমন্ত চলিহা, কাৰিকৰী সমিতিৰ মূল গৱেষণাৰ নেতৃত্ব বহন কৰা ড০ ভাস্কৰ জ্যোতি বৰ্মন, গৱেষক দলৰ সদস্য ড০ নমিতা দেৱী আৰু ড০ মৃদুল বৰদলৈকো সম্বৰ্দ্ধনা জনোৱা হয়।

    ভাষা গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্ৰুপদী ভাষা বিষয়ক গ্ৰন্থ ‘ধ্ৰুপদী অসমীয়া’ নাগৰিকৰ মাজত বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত পাৰিজাত ভূঁঞা, বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকল, লেখিকা সমাৰোহ, সাহিত্য সভাৰ বিষয়ববীয়া সহিতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্হিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds