অসম সাহিত্য সভাৰ শুভানুধ্যায়ী ৰাজীৱ গোস্বামীৰ দেহাৱসানত সাহিত্য সভাৰ শোক

 

■ নলবাৰী : অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য, বিশিষ্ট শুভানুধ্যায়ী ৰাজীৱ গোস্বামীৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ কেবাগৰাকী বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰিছে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এই সন্দৰ্ভত কয় যে সমাজপ্ৰাণ লোকগৰাকীয়ে নলবাৰীত আয়োজিত অসম সাহিত্য সভাৰ হাস্য–ব্যংগ্য লেখক সন্মিলনলৈ আগ বঢ়োৱা এক লাখ টকাৰ আৰ্থিক বৰঙনিৰ বিষয়ে নলবাৰী জিলা সাহিত্য সভাই সদায় স্মৰণ কৰি যাব । উল্লেখ্য, দীৰ্ঘদিনৰপৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা ৰাজীৱ গোস্বামীৰ ১৯ মে’ত তেওঁৰ গুৱাহাটীৰ ভেটাপাৰাত থকা নিজ বাসভৱনত দেহাৱসান হয় ৷ গোস্বামী নলবাৰীৰ খুদিয়াত থকা মা -মহাকালী আশ্ৰমৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ হিচাপেও ৰাইজলৈ সেৱা আগ বঢ়াইছিল । গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদয়্য ডাঃ বিপিন চন্দ্ৰ কলিতা, সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা প্ৰমুখ্যে বহু সংখ্যক লোকে শেক প্ৰকাশ কৰিছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.