শেহতীয়া আপডেটঃ

ৰঙাপৰাৰ নাহৰনী চাহ বাগিচাত জিলা উপায়ুক্তৰ পৌৰোহিত্যত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

■ আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত নাহৰনী চাহ বাগিচাত যক্ষ্মা ৰোগৰ সজাগতামূলক সভা অনুষ্ঠিত হয়। ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত ভাৰতৰ লক্ষ্যৰে প্ৰচাৰ, জনসংযোগ আৰু সামাজিক সংহতিক জড়িত কৰি যক্ষ্মাৰ বিৰুদ্ধে এক জন-আন্দোলন আৰম্ভ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ পৌৰোহিত্যত জিলা যক্ষ্মা বিভাগৰ উদ্যোগত আৰু নাহৰনী চাহ বাগিচাৰ সহযোগত সজাগতা সভা অনুষ্ঠান অনুষ্ঠিত হয়।সভাত চৰকাৰৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী(এনটিইপি)ৰ অধীনত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হয়।

সভাত উপায়ুক্ত গৰাকীয়ে কয় যে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে সাধাৰণ মানুহৰ মাজত সচেতনতা সৃষ্টি কৰি জন-আন্দোলন গঢ়ি তোলা প্ৰয়োজন। তেতিয়াহে এই ৰোগৰ বিৰুদ্ধে সাফল্য আহিব। সমগ্ৰ শোণিতপুৰ জিলাত ১৩১৫ গৰাকী আৰু নাহৰনী চাহ বাগিচাতে ২৯ গৰাকী যক্ষ্মা ৰোগী আছে বুলি তেওঁ সভাত উল্লেখ কৰে।

যক্ষ্মা ৰোগৰ বিৰুদ্ধে সকলোকে সজা আৰু সচেতন কৰি গঢ়ি তুলিবলৈ বিভিন্ন পৰ্যায়ৰ ৰাইজৰ সম্পূৰ্ণ অংশগ্ৰহণ আৰু সহযোগিতা সুনিশ্চিত কৰা প্ৰয়োজন। তেতিয়াহে এই ৰোগবিধৰ বিৰুদ্ধে সাধাৰণ মানুহৰ মাজত জনসচেতনতা গঢ়ি তোলাৰ বিষয়টিয়ে গুৰুত্ব লাভ কৰিব।

যক্ষ্মা ৰোগী সকলক এই ৰোগক লৈ শংকিত নহ’বলৈ তথা ৰোগটোৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন সময়ত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীয়ে এই ৰোগক লৈ চিন্তিত হৈ পৰে ৷

‘টিবি হাৰেগা দেশ জিতেগা’ আঁচনিৰ জৰিয়তে যক্ষ্মা ৰোগী সকলক এই ৰোগক লৈ শংকিত নহ’বলৈ তথা ৰোগটোৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ জিলা যক্ষ্মা বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ৷ সভাত অংশগ্ৰহণ কৰি বাগিচা সমুহৰ চিকিৎসা পৰিদৰ্শক ডঃ প্ৰদীপ লহকৰে কয় যে বৰ্তমান কৰনা মহামাৰী কিছু নিয়ন্ত্ৰণত আহিছে আৰু শোণিতপুৰ জিলাত মৃতকৰ হাৰ কম।

কভিড-১৯ৰ ব্যৱস্থাপনাৰ পৰা শিক্ষা লৈ আমি কেৱল এই মহামাৰীৰ বিৰুদ্ধে সফলভাৱে যুঁজ দিয়াই নহয়,এই মহামাৰীটোৱে আমাক সঠিকভাৱে স্বাস্থ্য বিধি মানি চলাৰ অভ্যাস আৰু উপযুক্ত আচৰণ আৰু পৰিচ্ছন্নতা মানি চলাৰ ওপৰত গুৰুত্ব দিবলৈ শিক্ষা প্ৰদান কৰিছে, একেদৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে প্ৰচাৰ অভিযান চলোৱা প্ৰয়োজন যাতে এই যক্ষ্মা ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে মানুহৰ মাজত এই ৰোগ সম্পৰ্কে সচেতনতা সৃষ্টি কৰিব পৰা যায় বুলি ডঃ লহকৰে মন্তব্য কৰে।

দেশীয় সুৰাই শৰীৰত শক্তি শেষ কৰি দিয়ে,দেশীয় সুৰা পৰিহাৰ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে বুলিও তেওঁ নিজৰ ভাষনত উল্লেখ কৰে। চাহ বাগিচা অঞ্চল সমুহত বাল্য বিবাহ ৰোধ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

হাতিবাৰী চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট আৰ কে বেজবৰুৱাই আতঁ ধৰা সভাত জিলা পি পি এম বিষয়া জয়দিপ ৰয়, জিলা যক্ষ্মা বিষয়া ডঃ সনঞ্জয় ৰয়, বালিপৰা চিকিৎসালয়ৰ যক্ষ্মা বিভাগৰ জেষ্ঠ পৰিদৰ্শক সন্তোষ শৰ্মা, নাহৰনী চাহ বাগিচাৰ চিকিৎসক লেফটেন্ট কৰ্নেল ডঃ অনুপম পাৰিখ, নাহৰনী চাহ বাগিচাৰ জেষ্ঠ কল্যান বিষয়া বেদ ভাস্কৰ ফুকনে অংশগ্ৰহণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.