শেহতীয়া আপডেটঃ

৪৭,৮০০ কোটিৰ মেগা পেকেজ লৈ অসমত প্ৰধানমন্ত্ৰী মোদী

প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিটিআৰৰ বাবে ৪,৫৭০ কোটি টকাৰ প্ৰকল্পৰ লগতে 'অসম মালা ৩.০' আৰু বাশবাৰীত এক ৰেলৱে ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰে, যিয়ে বড়োভূমিত শান্তিৰ সমান্তৰালভাৱে ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিব।

May be an image of one or more people, crowd and text
অসমৰ আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এক বৃহৎ উন্নয়নমূলক কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে। কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰক সামৰি মুঠ ৪৭,৮০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ মেগা প্ৰকল্পৰ পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক শংখধ্বনি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।May be an image of textৰাজনৈতিক বিশ্লেষক সকলৰ মত অনুসৰি এই বিশাল পুঁজিৰ বিনিয়োগ কেৱল আন্তঃগাঁথনিৰ উন্নয়নতে সীমাবদ্ধ থকা নাই, বৰঞ্চ ইয়াৰ জৰিয়তে একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতা দখলৰ এক সুচিন্তিত ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰা হৈছে।
May be an image of crowd
প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিটিআৰৰ বাবে ৪,৫৭০ কোটি টকাৰ প্ৰকল্পৰ লগতে ‘অসম মালা ৩.০’ আৰু বাশবাৰীত এক ৰেলৱে ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰে, যিয়ে বড়োভূমিত শান্তিৰ সমান্তৰালভাৱে ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিব। একেদৰে, গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ ব্যৱসায়িক প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত ১৯,৬৮০ কোটি টকাৰ পেকেজৰ অধীনত ১৫০ মেগাৱাটৰ কপিলী জলবিদ্যুৎ প্ৰকল্প, থলুৱা সামগ্ৰীৰ বজাৰৰ বাবে ‘পিএম একতা মল’ আৰু কেইবাখনো নতুন ৰেল সেৱাৰ শুভাৰম্ভ কৰা হয়। এই প্ৰকল্পসমূহে সমগ্ৰ ৰাজ্যখনৰ যাতায়ত আৰু শক্তি খণ্ডত আত্মনিৰ্ভৰশীলতা অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি চৰকাৰে দাবী কৰিছে।
May be an image of one or more people, flute, dais and text
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো আছিল চাহ জনজাতি সম্প্ৰদায়ৰ ৩.৩৩ লাখ পৰিয়ালক ভূমিৰ পট্টা প্ৰদান আৰু শিলচৰ-গুৱাহাটী ৪-লেনযুক্ত এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন। প্ৰায় দুশ বছৰীয়া বঞ্চনাৰ অন্ত পেলাই চাহ শ্ৰমিকক ভূমিৰ আইনী অধিকাৰ দিয়াটো অসমৰ নিৰ্বাচনী অংকত এক ‘মাষ্টাৰষ্ট্ৰোক’ হিচাপে বিবেচিত হৈছে, যিয়ে ৰাজ্যৰ ১৮ শতাংশ ভোটাৰক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব।May be an image of crowd and text আনহাতে, বৰাক উপত্যকাৰ যাতায়তৰ সময় ৮.৫ ঘণ্টাৰ পৰা মাত্ৰ ৫ ঘণ্টালৈ হ্ৰাস কৰিবলগীয়া শিলচৰ এক্সপ্ৰেছৱে’ৰ ঘোষণাই উক্ত অঞ্চলত বিজেপিৰ দুৰ্গ অধিক সুৰক্ষিত কৰিব বুলি শেহতীয়া ৰাজনৈতিক বিশ্লেষণত প্ৰকাশ পাইছে।
May be an image of dais and text
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.