শেহতীয়া আপডেটঃ

মালিগাঁৱত সার্ব্বজনীন শ্রী শ্রীশ্যামা কালী পূজা মহোৎসৱৰ আয়োজন

● মালিগাঁও শিৱশক্তি ধৰ্মীয় ন্যাসৰ সৌজন্যত অহা ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে কল্যাণনগৰৰ কনকলতা পথত থকা ৰাজহুৱা শিৱ মন্দিৰত শ্রী শ্রীশ্যামা কালী পূজাৰ আয়োজন কৰা হৈছে। পূজা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ হেমন্ত ডেকাক সভাপতি, অৰবিন্দ বৈশ্য, ডাঃ শৈলেন দাস, লোহিত শর্মাক উপ-সভাপতি, নৱৰূপ মজুমদাৰক কাৰ্য্যকৰী সভাপতি, জিতুমণি তালুকদাৰক সম্পাদক, গদাধৰ দাস, কৰ্মেশ্বৰ মণ্ডলক যুটীয়া সম্পাদক, অলকেশ দাস, ৰীতা ছেত্রীক সহকাৰী সম্পাদক, লক্ষ্যধৰ পাটোৱাৰীক কোষাধ্যক্ষ হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি ইতিমধ্যে গঠন কৰা হৈছে। পূজাৰ কাৰ্যসূচী অনুসৰি ৩১ অক্টোবৰত পুৱা ৮ বজাত অনুষ্ঠিত হ’ব স্বচ্ছতা অভিযান। ৯.৩০ বজাত ধর্মধ্বজা উত্তোলন কৰিব চতুর্দশ বার্ষিক সার্ব্বজনীন শ্রী শ্রীশ্যামা কালী পূজা উদযাপন সমিতিৰ সভাপতি হেমন্ত ডেকাই। ১০ বজাত বৃক্ষৰোপন কৰিব বৃহত্তৰ আদিংগিৰি সমন্বয়ৰক্ষী সমিতি সভাপতি বিনয় কুমাৰ কলিতা আৰু কাৰ্যকৰী সভাপতি পুলিন চন্দ্র দাসে। ১০.৩০ বজাত জল আনায়ন আৰু শোভাযাত্রা উদ্বোধন কৰিব বৃহত্তৰ আদিংগিৰি সমন্বয়ৰক্ষী সমিতি উপ-সভাপতি কুমুদ চন্দ্র কলিতাই। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন কৰিব ক্ৰমে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰ, উত্তৰ-পূৱৰ প্ৰচাৰ প্ৰমূখ ডঃ সুনীল মহান্তি, গণশিল্পী মহেন্দ্ৰ হাজৰিকা, কণ্ঠশিল্পী প্ৰাৰ্থনা বৰঠাকুৰ আৰু বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। ৫.১৫ বজাৰ পৰা স্থানীয় আয়তীৰ নাম প্রসঙ্গ, ৬ বজাত ঘট স্থাপন, পূজা আৰম্ভ, দেবীৰ আমন্ত্রণ আৰু অধিবাস আৰু ঢুলীয়া কালীয়া বাদন অনুষ্ঠিত হ’ব। নিশা ১০ বজাৰ পৰা আৰতি, ১১ বজাত মহাশান্তি, সমূহীয়া পুষ্পাঞ্জলী প্রদান আৰু ১২ বজাত দেৱীৰ ঘট বিসর্জন দিয়া হ’ব। তেনেদৰে পহিলা নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা চিত্রাঙ্কন আৰু ধর্মীয় কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। চিত্রাঙ্কন প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখাত প্রাক্ প্রাথমিকৰ পৰা ৪র্থ শ্ৰেণীলৈ আৰু ‘খ’ শাখাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। সন্ধিয়া ৫ বজাত দিপাৱলীৰ বন্তি প্রজ্বলন কৰিব ক্ৰমে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক শিৱ প্রসাদ শর্মা দলৈ, কামাখ্যা দেৱালয়ৰ কবিন্দ্র প্রসাদ শর্মা দলৈ আৰু যশস্বী কণ্ঠশিল্পী হর্ষিতা ভট্টাচার্যই। ৫.৩০ বজাত অতিথি সম্বর্দ্ধনা, স্থানীয় মেধাবী ছাত্র-ছাত্রীক সম্বর্ধনা প্রদান আৰু বঁটা বিতৰণ কৰা হ’ব। সন্ধিয়া ৭ বজাৰ পৰা দ্বীপেন কলিতাৰ নাগাৰা নাম অনুষ্ঠিত হ’ব। ২ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা আয়তীৰ দিহানাম প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন, ৭ বজাত বর্ষীয়ান নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীক “নাগাৰা নামাচার্য” উপাধি প্রদান কৰাৰ পিছত আৰু তেওঁৰ দ্বাৰা নাগাৰা নাম অনুষ্ঠিত হ’ব। নাগাৰা নামৰ উপাধি প্ৰদান অনুষ্ঠানত বিশেষ আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টি বিধায়ক ভবেশ কলিতা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম যুৱ আয়োগৰ সদস্য তথা অসম অলিম্পিক সন্থা যুটীয়া সম্পাদক ৰাতুল শৰ্মা আৰু বিজেপিৰ অনুসূচীত জাতি মর্চাৰ ৰাজ্যিক উপ-সভাপতি প্রকাশ দাস। ৩ নৱেম্বৰৰ অন্তিম দিনা পুৱা ১০ বজাৰ পৰা লাইনচ্ ক্লাৱ অৱ গুৱাহাটী আইকনৰ সহযোগত বিনামুলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আনহাতে সন্ধিয়া ৭ বজাত সভক্তি সহকাৰে প্ৰতিমা বিসৰ্জন দিয়া হ’ব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.