31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ গড়েহাগীত ৮ গৰাকী যুৱক যুৱতীয়ে অসম আৰক্ষীৰ কনিষ্ঠ বলত নিযুক্তি লাভ :: উৎসৱমুখৰ পৰিৱেশ বিৰাজ

    বিশ্বনাথৰ গড়েহাগীত ৮ গৰাকী যুৱক যুৱতীয়ে অসম আৰক্ষীৰ কনিষ্ঠ বলত নিযুক্তি লাভ :: উৎসৱমুখৰ পৰিৱেশ বিৰাজ

    অসম খবৰ ডিজিটেল ডেস্ক ১২ মে:-

    অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ঘোষণা কৰা ফলাফলত বিশ্বনাথত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিবেশ।কাৰণ অসম আৰক্ষীৰ এই কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰাৰ লগতে বিশ্বনাথৰ এখন গাঁৱত একেলগে ৮ গৰাকীকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক যুবতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ।

    এই নিযুক্তি লাভ কৰা যুৱক তথা যুৱতী সকল হল ক্ৰমে গৌৰৱ বৰা,সুজিত শইকীয়া,হেমন্ত শইকীয়া,বিকাশ ৰাজখোৱা,ৰাজকুমাৰ কোচ,চান্দিনী কোচ,লক্ষ্য কোচ আৰু অংকু বৰা। বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এই সকল যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে গঞাঁ৷

    উল্লেখ্য যে নিযুক্তি লাভ কৰা এই যুৱক যুৱতী সকলৰ কাৰোবাৰ পিতৃয়ে যদি দিন হাজিৰা কৰে তেন্তে কাৰোবাৰ পিতৃয়ে আকৌ বজাৰত কল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে।অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতি সকলৰ ভিতৰত একেখন ঘৰৰ বায়েক আৰু ভায়েকেও একে দিনতে একে পদত নিযুক্তি লাভ কৰাৰ পিছত গাওঁবাসী আনন্দিত হোৱাৰ লগতে অসম আৰক্ষী তথা অসম চৰকাৰক এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা ভাবে সম্পন্ন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

    আনহাতে নিযুক্তি লাভ কৰা যুৱক যুৱতীৰ বাসগৃহত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্হিত হৈ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds