শেহতীয়া আপডেটঃ

প্রবন্ধ সংকলন ‘পুথিভঁৰাল’ – ড° বুলজিৎ বুঢ়াগোহাঁই

■ ‘পুথিভঁৰাল’ শীর্ষক প্রবন্ধ সংকলনখনিৰ লেখক হৈছে পূব কামৰূপ মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক ড° নির্মল ৰঞ্জন মজুমদাৰ। এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল-মানৱ পাব্লিচাৰ্ছ, পাণবজাৰ, গুৱাহাটী-১ । গ্রন্থখনত মুঠ ১৩৪ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ২৫০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ১৫ নৱেম্বৰ, ২০২৪ আৰু বেটুপাতৰ শিল্পী অংকুৰ চৌধুৰী।

গ্রন্থখনৰ ‘পাতনি’ত উৎপল দত্তই এইদৰে উল্লেখ কৰিছে –“… ড° নির্মল ৰঞ্জন মজুমদাৰে তেখেতৰ এই গ্রন্থত পুথিভঁৰালৰ পৰিচালনাগত দিশ আৰু আদর্শগত দিশ দুয়োটাৰে ওপৰত গভীৰভাবে আলোকপাত কৰিছে। বর্তমান সময়ত সমাজৰ বিভিন্ন অঞ্চলত পুথিভঁৰালৰ গুৰুত্ব, ব্যক্তিগত পুথিভঁৰাল সৃষ্টি আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, ডিজিটেল পুথিভঁৰালৰ দিশসমূহ, পঢ়াৰ অভ্যাস আৰু বিভিন্ন বিখ্যাত ব্যক্তিৰ পৰা আহৰণ কৰা প্ৰেৰণা আদিৰ বিস্তৃতভাবে আলোচনা কৰিছে। তেখেতে এই গ্ৰন্থৰ যোগেদি পঢ়াৰ আনন্দ আৰু গৱেষণাৰ ক্ষেত্ৰত পুথিভঁৰালে ছপা আৰু ডিজিটেল উভয় ধৰণৰ সম্পদ কেনেদৰে পাঠকৰ বাবে সহজলভ্য কৰি দিব পাৰে, সেই কথাবোৰ বিশেষভাবে আলোচনা কৰিছে।…’’


লেখকে ‘মনৰ একান্ত অনুভৱ’ত এনেদৰে লিখিছে – “… ‘পুথিভঁৰাল’ শীর্ষক এই প্রবন্ধ সংকলনখনি গ্ৰন্থাগাৰ আৰু ইয়াৰ আনুষংগিক দিশত আলোকপাত কৰি লিখা আৰু ইতিমধ্যে অসমৰ বহুকেইখন বাতৰিকাকত, আলোচনীৰ লগতে স্মৃতিগ্রন্থ, স্মৰণিকা আদিত প্রকাশিত কেইটিমান নির্বাচিত প্রবন্ধ সম্পাদনা কৰি যুগুত কৰা। কিতাপখনত সন্নিৱিষ্ট প্রবন্ধকেইটা গবেষণাধর্মী নহয়, বৰঞ্চ সকলো শ্ৰেণীৰ পাঠকৰ উপযোগীকৈ লিখা আৰু পঢ়ুৱৈ সমাজেও তেনেদৰেই গ্ৰহণ কৰিব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ। প্রতিটো প্রবন্ধই পৃথক, অৱশ্যে প্রয়োজনৰ খাতিৰত দুই-এটি তথ্যৰ পুনৰাবৃত্তি নোহোৱাও নহয়।…’’
এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল – পুথিভঁৰাল-১; মিচেছ বুশ্বৰ ৱালেট আৰু পুথিভঁৰাল; পুথিভঁৰাল বিষয়ক প্রথমখন অসমীয়া কিতাপ; গ্রাম্য পুথিভঁৰাল; কবি নীলমণি ফুকনৰ পুথিভঁৰালপ্ৰীতি; গ্রন্থাগাৰ বিজ্ঞানৰ পিতৃপুৰুষ ড° এছ আৰ ৰংগনাথন; কিতাপ নে কম্পিউটাৰ; অসমত জাতীয় পুথিভঁৰাল; ভাৰতৰ স্বাধীনতা আন্দোলন আৰু ৰাজহুৱা পুথিভঁৰাল; গ্রন্থাগাৰ বিজ্ঞানৰ প্ৰথমখন অসমীয়া জার্নেল; গৰীয়সীৰ সম্পাদকীয় আৰু নেচনেল ডিজিটেল লাইব্ৰেৰী; পুথিভঁৰাল বিষয়ক কেইখনমান অসমীয়া কিতাপ; ব্যক্তিগত পুথিভঁৰাল; বর্ধিত স্ক্রীন টাইম আৰু পুথিভঁৰালৰ কৰণীয়; পুথিভঁৰাল-২; কিতাপ কিনো আহক; ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু পুথিভঁৰাল ব্যৱস্থা;বিদ্যালয়ত পুথিভঁৰাল; ট্রাম লাইব্ৰেৰী, ষ্ট্রীট লাইব্ৰেৰী; ভাষাৰ সংকট আৰু ৰাজহুৱা পুথিভঁৰাল; ভাৰতৰ নেচনেল ডিজিটেল লাইব্ৰেৰী; গ্রন্থাগাৰ আৰু তথ্যবিজ্ঞানৰ শিক্ষা-গৱেষণাৰ সুবিধা-সম্ভাৱনা; ভাৰতৰ জাতীয় গ্রন্থসূচী; পুথিভঁৰালৰ বিশেষ শাখা; পাঠকৰ কিতাপ বাছনি; কেৰিয়াৰ গঠনত পুথিভঁৰাল;সংবাদ মাধ্যম আৰু পুথিভঁৰাল আৰু গ্রন্থাগাৰ আৰু মহিলা।
‘গ্রাম্য পুথিভঁৰাল’ শীর্ষক লেখাটোত গ্রাম্য পুথিভঁৰাল একোটাৰ দায়িত্ব কেৱল কিতাপ আদান-প্রদানতেই সীমাবদ্ধ হৈ নাথাকি ই অঞ্চলটোৰ সামগ্রিক বৌদ্ধিক চৰ্চাৰ থলী হিচাপেও সেবা আগবঢ়োৱা দেখা যায় তাৰ বিষয়ে বিশ্লেষণ দাঙি ধৰিছে।
গ্ৰাম্য পুথিভঁৰালসমূহে সাহিত্য উৎসৱ, গ্রন্থমেলা আৰু সাংস্কৃতিক কাৰ্যসূচী আয়োজনৰ মাধ্যমে অঞ্চলৰ সৃজনশীলতা আৰু বৌদ্ধিক পৰিসৰক সমৃদ্ধ কৰে। উদাহৰণস্বৰূপে, নলবাৰী জিলাৰ বিহামপুৰৰ ‘প্ৰেৰণা পুথিভঁৰাল’ আৰু বৰপেটাৰ মাধৱদেৱ পুথিভঁৰালৰ দৰে পুৰণি গ্রাম্য পুথিভঁৰালসমূহে আজিও ৰাইজক সেৱা আগবঢ়াই আছে। ‘সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা’ৰ অধীনত বিভিন্ন পুথিভঁৰালসমূহৰ সমষ্টি গ্ৰাম্যাঞ্চলৰ সমাজিক আৰু সাংস্কৃতিক উন্নতিৰ ক্ষেত্ৰত এক মঞ্চ গঢ়িছে। ২০১০ চনলৈকে ৬৯৩ টা গ্ৰাম্য পুথিভঁৰাল পঞ্জীভুক্ত হৈছে তাৰ তথ্য লেখাটোত উল্লেখ কৰিছে।
‘কেৰিয়াৰ গঠনত পুথিভঁৰাল’ শীর্ষক লেখাটোত উচ্চ শিক্ষানুষ্ঠানবোৰত পুথিভঁৰাল যে এক অতি গুৰুত্বপূৰ্ণ অংগ তাৰ বিষয়ে আলোচনা কৰিছে। ই শিক্ষাৰ্থীসকলক কেৱল পুথিৰ জ্ঞান নিদিয়েই, বৰঞ্চ তেওঁলোকৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উচ্চ শিক্ষানুষ্ঠানৰ পুথিভঁৰালসমূহে কেৰিয়াৰ গাইডেন্সৰ দৰে সেৱাৰ যোগেদি শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে সঠিক পথ নিৰ্দেশনা দিব পাৰে। পুথিভঁৰালসমূহে কেৰিয়াৰভিত্তিক কিতাপৰ বিশেষ শাখা স্থাপন কৰি শিক্ষাৰ্থীসকলক বিভিন্ন বৃত্তিৰ সম্পৰ্কে তথ্য প্ৰদান কৰিব পাৰে। পুথিভঁৰালসমূহে নিয়মীয়াকৈ কেৰিয়াৰভিত্তিক আলোচনী আৰু বাতৰিকাকত সংৰক্ষণ কৰি শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষা আৰু নিয়োগৰ খবৰৰ সৈতে আপডেট কি ৰাখিব পাৰে।কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠান আয়োজন কৰি পুথিভঁৰালসমূহে বিশেষজ্ঞসকলৰ জৰিয়তে শিক্ষাৰ্থীসকলক সঠিক কেৰিয়াৰ নিৰ্বাচনত সহায় কৰে। ইয়াৰ উপৰি, ইণ্টাৰনেট আৰু ডিজিটেল মাধ্যমৰ সহায়ত পুথিভঁৰালসমূহে ই-মেইল এলাৰ্ট আৰু SMSৰ যোগেদি কেৰিয়াৰ সম্পৰ্কীয় তথ্য প্ৰদান কৰিব পাৰে। সামগ্ৰিকভাৱে, পুথিভঁৰালসমূহে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তেওঁলোকক সঠিক দিশনিৰ্দেশনা প্ৰদান কৰে। ইয়ে নিশ্চিত কৰে যে শিক্ষাৰ্থীসকলে ভৱিষ্যতৰ বাবে এক উজ্জ্বল কেৰিয়াৰ গঢ়ি তুলিব পাৰে।
এনেকুৱা এখন গ্ৰন্থাগাৰ বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে ড° নির্মল বৰঞ্জন মজুমদাৰক ধন্যবাদ জনাইছোঁ। এই গ্ৰন্থখনে গ্ৰন্থাগাৰ আৰু জ্ঞানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক মূল্যবান অৱদান হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি। ভৱিষ্যতেও তেখেতে এনেধৰণৰ গৱেষণামূলক কাম-কাজ অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.