‘জেউতি আলয়’ নামৰ বেচৰকাৰী সংস্থাটোৰ পূৰ্বৰ পূৰ্ণাংগ সমিতিখন ভঙ্গ কৰি আগন্তুক ২০২৬-২০২৮ বৰ্ষৰ বাবে এখন শক্তিশালী নতুন সমিতি গঠন কৰে। যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে অমৰাগুৰিৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ যুৱ সংঘত এই সভাখন অনুষ্ঠিত হয়। সভাৰ আহ্বায়ক সমিতিৰ সদস্যদ্বয় ক্ৰমে ৰূপামণি গগৈ আৰু কৃপাল ফুকনৰ লগতে অন্যান্য সহযোগীসকলৰ বিশেষ তৎপৰতাত এই নতুন সমিতিখন গঠন কৰা হয়।
নতুন সমিতিৰ বিষয়ববীয়া আৰু নৱগঠিত সমিতিখনত অভিজ্ঞ আৰু নিষ্ঠাৱান ব্যক্তিসকলক দায়িত্ব অৰ্পণ কৰা হয়৷
সমিতিৰ মুখ্য উপদেষ্টা হিচাপে নৰেশ্বৰ হাজৰিকা আৰু ড° চুলতানা হাজৰিকা। সহযোগী উপদেষ্টা কৃপাল ফুকন, বিষ্ণু পাণ্ডে, মিনাক্ষী বৰুৱা দাস, বিন্দু গগৈ, নীতুলপ্ৰাণ শইকীয়া, সঞ্জীব শৰ্মা, ডাঃ যতীন গগৈ, মহানন্দ গগৈ, যোগমায়া গোস্বামী, মন্দিৰা শইকীয়া আৰু দীপিকা বৰা।

সভাপতি হিচাপে তীৰ্থ বৰা আৰু উপ-সভাপতি হিচাপে গকুল চন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি ৰাজশ্ৰী সেনাপতি গগৈ, সম্পাদক ৰূপামণি গগৈ, যুতীয়া সহকাৰী সম্পাদক ৰূমী ফুকন বুঢ়াগোহাঁই আৰু অৰ্পণা ফুকন দাস, কোষাধ্যক্ষ জয়কান্ত গগৈ, পত্ৰিকা সম্পাদক কনকচম্পা বুঢ়াগোহাঁই, নিবেদিতা চুতিয়া আৰু তৰুণ জ্যোতি ফুকন, সাংগঠনিক সম্পাদক উৎপল সোনোৱাল আৰু নিজৰা গগৈ, প্ৰচাৰ সম্পাদক প্ৰিতাঞ্জলী মেধী শৰ্মা আৰু মিতু গোস্বামী, সহকাৰী প্ৰচাৰ সম্পাদক মঞ্জু গগৈ, স্বাস্থ্য সম্পাদক ডাঃ উৎপলা বৰুৱা, সাংস্কৃতিক সম্পাদক দিপীকা গগৈ, চন্দনা শৰ্মা আৰু ৰতন গগৈৰ নিৰ্বাচিত কৰা হয়৷
সভাৰ মূল উদ্দেশ্য এইয়ে যে নৱ-গঠিত সমিতিখনে সমাজৰ সৰ্বাংগীণ উন্নতিৰ বাবে বিভিন্ন জনহিতকৰ কাৰ্যসূচী হাতত লোৱাৰ সংকল্প গ্ৰহণ কৰিছে। সকলো সদস্যৰ সহযোগত এক শক্তিশালী সামাজিক পৰিৱেশ গঢ়ি তোলাটোৱেই এই সমিতিৰ মূল লক্ষ্য।



