শেহতীয়া আপডেটঃ

আধুনিক অসমীয়া নাটকৰ উৎপত্তি আৰু বিকাশ ✒️ অশ্বিনী গগৈ

স্বাধীনতা লাভৰ পিছৰ নাট্যকাৰ সকল হ’ল- সাৰদা বৰদলৈ, ফণী শৰ্মা, সত্য প্ৰসাদ বৰুৱা, প্ৰফুল্ল বৰা আদি বহু নাট্যকাৰ সকলৰ নাটক সমূহত বিবিধ সামাজিক সমস্যাৰ প্ৰতিফলন ঘটিছে। পূৰ্ণাঙ্গ নাটকৰ লগতে ৰেডিঅ’ নাটক আৰু একাংকিকাৰ সংখ্যা ও যথেষ্ঠ বাঢ়িছে।

”…১৮৫৭ চনত অৰুণোদয়ৰ পাতত ছোৱা ছোৱাকৈ প্ৰকাশ হোৱা ৰাম নৱমীত বিভিন্ন দিশত নতুনত্ব প্ৰকাশ পায়। এটা লোকজনক বাস্তৱ কাহিনীক নাট্যৰূপ দিয়া হৈছে। বান্য বিবাহ আৰু বান্য বিধৱাৰ সমস্যা লৈ এই নাটকৰ কাহিনী ৰচিত হৈছে। ব্ৰাহ্মণ পৰিয়ালত বাল্য বিধৱা নৱমীৰ লগত শিক্ষিক আৰু উচ্চমনৰ ৰামৰ পৰিচয় হয় আৰু শেষলৈ ই প্ৰেমত পৰিণত হয়। সিহঁতৰ এই প্ৰেমত সৰ্মথন জনোৱা ৰাম বৌৱেক জয়ন্তীৰ সহায়ত দুয়োৰে মিলন হয়।…”

♦ আধুনিক অসমীয়া নাটকৰ বুৰঞ্জী অনুধাৱন কৰিলে ১৮৫৭ চনত প্ৰকাশিত গুণাভিৰাম বৰুৱাৰ ‘ৰাম নৱমী’ ৰ নাম প্ৰথম অসমীয়া আধুনিক নাট হিচাপে ধৰিব লাগিব। মহাপুৰুষ শংকৰদেৱৰ হাততে অংকীয়া নাট ৰচিত হ’লেও ইয়াত আধুনিক নাটৰ কলা কৌশল পাবলৈ নাই। বৃটিছে অসম অধিকাৰ কৰাৰ বহু বছৰৰ পিছতহে অসমত আধুনিক অসমীয়া নট্য সাহিত্যৰ সূত্ৰপাত হয়। বৈষ্ণৱ যুগৰ অংকীয়া নাট সমূহ আছিল প্ৰচাৰ ধৰ্মী আৰু ধৰ্ম মূলক । আনহাতে আধুনিক নাটক বাস্তৱ ধৰ্মী। বাস্তৱতাৰ ফালে দৃষ্টি ৰাখিহে বিষয় বস্তুৰ বিকাশ আৰু চৰিত্ৰ সৃষ্টি কৰা হয়।পাশ্চত্য নাটকৰ আহিত ৰচিত অসমীয়া নাট সংঘাত প্ৰধান। সেই সংঘাত পৰিস্থিতি চৰিত্ৰ নাইবা আদৰ্শৰো হব পাৰে সমাজৰ বাস্তুৱ ৰূপ ৰূপায়ণ কৰাই আধুনিক নাটকৰ প্ৰধান উদ্দেশ্য হোৱা বাবে মানুহৰ চৰিত্ৰৰ বিভিন্ন দিশ প্ৰদৰ্শিত হয়। পৌৰাণিক নাটকৰ দৰে কেৱল ৰাজ-প্ৰসাদৰ কাহিনীতে আধুনিক নাটক আৱদ্ধ নেথাকে। ৰাজনৈতিক, সামাজিক, ধাৰ্মিক, যিকোনো বিষয়ে আধুনিক নাটকৰ বিষয়বস্তু হব পাৰে।

নাটকীয় ঘটনাৰ পৰি সমাপ্তিলৈ দৃষ্টি ৰাখি পাশ্চাত্য নাটকৰ আৰ্হিত অসমীয়া নাটকৰ শ্ৰেণী বিভাগ কৰা হৈছে। ট্ৰেজেডি, কমেডি মেলোড্ৰামা, ফাৰ্চি আদি পাশ্চাত্য নাটকৰ আৰ্হিত ৰচনা কৰা হৈছে। প্ৰচীন ভাৰতীয় নাট্য সাহিত্যত ট্ৰেজেডী নাছিল। আমাৰ সাহিত্যত ট্ৰেজেডী সম্পূৰ্ণ নতুন বস্তু। নাটকীয় কাহিনীৰ বিকাশতো প্ৰাশ্চাত্য নাটকৰ কৌশল প্ৰয়োগ বিশেষ লক্ষণীয়। এক বা একাধিক অংকৰ দ্বাৰা নাটকৰ কাহিনী আগবাঢ়ি যায়। অংকৰ ভিতৰত আকৌ একাধিক দৃশ্য, একোক্তি, স্বৰ্গতোক্তি আদিয়ে আধুনিক নাটকক পৌৰাণিক নাটকৰ পৰা পৃথক কৰি ৰাখিছে। ৰঙ্গ মঞ্চৰ ওপৰতো নাট নিৰ্ভৰশীল হয়। ৰঙ্গ মঞ্চৰ সুবিধা-অসুবিধাই নাটকৰ ৰূপ- নিৰ্ণয়ত প্ৰভাৱ বিস্তাৰ কৰে। উনবিংশ শতাব্দীৰ শেষ দশকলৈকে অসমত স্থায়ী ৰঙ্গ মঞ্চই দেখা দিয়া নাছিল। ১৮৫৭ চনৰ ‘ৰাম নৱমী’ ৰ ১৯০০ চনলৈকে অসমীয়া ভাষাত কেইখন মান মাত্ৰ নাটক ৰচনা কৰা হৈছিল। এই সময়ৰ নাট সমূহ হয়তু অভিনয়ৰ বাবে ৰচিত হোৱা নাছিল। সামাজিক অৱস্থাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেহে ৰচিত হৈছিল।

১৮৫৭ চনত অৰুণোদয়ৰ পাতত ছোৱা ছোৱাকৈ প্ৰকাশ হোৱা ৰাম নৱমীত বিভিন্ন দিশত নতুনত্ব প্ৰকাশ পায়। এটা লোকজনক বাস্তৱ কাহিনীক নাট্যৰূপ দিয়া হৈছে। বাল্য বিবাহ আৰু বাল্য বিধৱাৰ সমস্যা লৈ এই নাটকৰ কাহিনী ৰচিত হৈছে। ব্ৰাহ্মণ পৰিয়ালত বাল্য বিধৱা নৱমীৰ লগত শিক্ষিক আৰু উচ্চমনৰ ৰামৰ পৰিচয় হয় আৰু শেষলৈ ই প্ৰেমত পৰিণত হয়। সিহঁতৰ এই প্ৰেমত সৰ্মথন জনোৱা ৰাম বৌৱেক জয়ন্তীৰ সহায়ত দুয়োৰে মিলন হয়। কিন্তু ৰক্ষণশীল সমাজে এই কথা জানিব পাৰি সিহঁতক এঘৰীয়া কৰে। সামাজিক উৎপীড়পত বিধবস্থ হোৱা নৱনীয়ে সামাজিক দৃঢ়তা হেৰুৱাই আত্মহত্য কৰে। শেষত একে পথকে অনুসৰণ কৰে ৰাম আৰু বৌৱেক জয়ন্তীয়ে। নাটকৰ অন্তিম পৰিণতি অত্যন্ত শোকাৱহ কৰি তোলা হৈছে। এই ক্ষেত্ৰত নাট্যকাৰে কুসংস্কাৰ পন্থীক বাল্য বিধৱাৰ সমস্যা সৰ্ম্পকে সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে।

“…অসমীয়া নাটকত গতানুগতিক তাৰ পৰা আঁতৰি নতুনত্ব প্ৰদান কৰে জ্যোতি প্ৰসাদ আগৰৱালাই। ‘শোণিত কুৱৰী’ চৈধ্য বছৰ বয়সত লিখা আগৰৱালাৰ প্ৰথম নাটক। ‘কাৰেঙৰ লিগিৰী’, লভিতা, ৰূপালিম, নিমাতী কন্যা তেঁও সামাজিক নাট, বিশদ নাটকীয় নিৰ্দ্দেশ আৰু বিভিন্ন দৃশ্যৰ উপযোগী পৰিবেশ সৃষ্টিৰ পটভূমিত বহুল বৰ্ণনা তেঁওৰ নাটকতে প্ৰথম, দেখা যায়।…”

১৮৬১ চনত ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্তন’ প্ৰকাশ হয়। কানি বৰবিহৰ অপকাৰিতাৰ লগতে ধৰ্মৰ লগতে ধৰ্মৰ নামত ভণ্ডামি, দুৰ্নীতি, অদিক ব্যংগ ৰূপত দেখুওৱা হৈছে। নাটক খনত ধেমেলীয়া কথাৰে আমোদ দিয়াৰ লগতে ভয়াবহ সামাজিক সমস্যা উপস্থাপন কৰা হৈছে। ১৮৮৮ চনত কলিতাৰ প্ৰৱমুৱা চাৰি জন শিক্ষিত ডেকাই ছেক্সণীয়েৰৰ ‘comeday of errors’ ভাঙনি কৰি।

The Comedy of Errors : William Shakespeare: Amazon.in: Books

‘ভ্ৰমৰংগ’ নামৰ নামৰ নাট ৰটনা কৰে। ভাঙনি কৰিলে নাটকৰ চৰিত্ৰৰ নাম আৰু সংলাপ নিভাজ অসমীয়া ভ্ৰমৰংগ প্ৰকাশৰ সময়ৰ পৰা অসমীয়া সাহিত্যত জোনাকী যুগ আৰম্ভ হয়। ভ্ৰমৰংগই হৈছে অসমীয়ালৈ অনুবাদ হোৱা প্ৰথম পশ্চিমীয়া নাটক। জোনাকীত বেজবৰুৱাৰ লিতিকাই ছোৱা ছোৱাকৈ প্ৰকাশ হয় ইয়াৰ উপৰিও ‘নোমল’ ‘পাচনি’ চিকৰ পতি-নিকৰ পতি নামৰ বেজবৰুৱাৰ কেইবা খনো প্ৰহসন প্ৰকাশ হয়। পদ্মনাথ গোহাই বৰুৱাৰ প্ৰসিদ্ধ প্ৰহসন গাঁওবুঢ়া প্ৰকাশ হয় এই সময়তে (১৮৯৪)। উনবিংশ শতিকাৰ শেষৰ ফালে কেইবাখনো পৌৰাণিক নাটক ৰচিত হৈছিল। এই নাটকবোৰ পাশ্চাত্য নাটকৰ আদৰ্শত ৰচিত হলেও প্ৰচীন নাটকৰ আৰ্হিৰ পৰা আঁতৰি আহিব পৰা নাছিল, দুই এখন নাটকত অংকীয়া নাটৰ প্ৰভাৱ লক্ষ্য কৰা হয়। দূৰ্গা প্ৰসাদ মজিন্দাৰস হৰুৱাৰ ১৮৯৬ চনত প্ৰকাশিত ‘মহৰ্ষি’ “চাহ বাগানৰ চিত্ৰ সম্বলিত ধেমেলীয়া নাটক। নাটক খন হাস্য ৰসৰ ভাণ্ডাৰ স্বৰূপ। চৰিত্ৰবোৰৰ কাৰ্যকলাপৰ মাজেৰে নাট্যকাৰে দৰ্শকক হাঁহিৰ খোৰাক দিয়াৰ উপৰি ব্যংগৰ চলেৰে চৰিত্ৰবোৰৰ প্ৰকৃত স্বৰুপ উদঙাই দেখুৱাইছে। বেণুধৰ ৰাজখোৱাৰ ১৮৯৪ প্ৰকাশ হোৱা ‘সেউতী কিৰণ’ এখন ৰোমান্টিক ট্ৰেজেডি নাটক বুলিব পাৰি। প্ৰেম প্ৰণয়ৰ ফলত সৃষ্টি বোৱা জুইত দগ্ধ হোৱা কেইটিমান চৰিত্ৰৰ জীৱনৰ বিয়োগাত্মক পৰিস্থিতিয়েই নাটকৰ প্ৰধান উপজীৱ্য। এই নাটক খনত ছেক্সণীয়েৰৰ ‘ওথেল’ নাটকৰ প্ৰভাৱ পৰা যেন লাগে। পদ্মনাথ গোহাই বৰুৱা আৰু বেজবৰুৱাৰ পৰাই বিংশ শতাব্দীৰ নাট্য সাহিত্য আৰম্ভ হৈছে বুলিব পাৰি। গোহাঞি বৰুৱাৰ তিনিখন প্ৰহসন। উপৰি ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’, আৰু ‘লাচিত বৰফুকন’ বুৰঞ্জীমূলক নাট আৰু ‘বাণৰজা’ তেওঁৰ পৌৰাণিক নাট। চাৰিখন প্ৰহসন আৰু ‘জয়মতী কুঁৱৰী’,‘বেলিমাৰ’ আৰু চক্ৰধবজ সিংহ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক। গহীন নাট ৰচনাৰ ক্ষেত্ৰত ছেক্সপীয়েৰৰ নাট্যকলা অনুসৰণ কৰাৰ লগতে কেইটামান চৰিত্ৰতো তাৰ প্ৰভাৱ পৰিছে। নাট্যকাৰ হিচাপে দূৰ্গা প্ৰসাদ মজিন্দাৰ বৰুৱাই কৃতিত্ব লাভ কৰিছে ‘নিগ্ৰো’,‘মহৰি’ আৰুি ‘কলিযুগ’ নামৰ ধেমেলীয়া নাটকেৰে। উনবিংশ শতাব্দীৰ শেষ ভাগৰ পৰা বিংশ শতাব্দীৰ আগভাগলৈকে অসমীয়া ,নাট্য সাহিত্যত চন্দ্ৰধৰ বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, শৈলধৰ ৰাজখোৱা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰলৈ, নকুল চন্দ্ৰ ভূঁঞা আদিয়ে বহুতো পৌৰাণিক, সামাজিক, ধেমেলীয়া নাটকেৰে নাট্য সাহিত্যৰ ভৰাঁল চহকী কৰে।

File:The Comedy of Errors Lithograph.jpg - Wikimedia Commons

অসমীয়া নাটকত গতানুগতিক তাৰ পৰা আঁতৰি নতুনত্ব প্ৰদান কৰে জ্যোতি প্ৰসাদ আগৰৱালাই। ‘শোণিত কুৱৰী’ চৈধ্য বছৰ বয়সত লিখা আগৰৱালাৰ প্ৰথম নাটক। ‘কাৰেঙৰ লিগিৰী’, লভিতা, ৰূপালিম, নিমাতী কন্যা তেঁও সামাজিক নাট, বিশদ নাটকীয় নিৰ্দেশ আৰু বিভিন্ন দৃশ্যৰ উপযোগী পৰিবেশ সৃষ্টিৰ পটভূমিত বহুল বৰ্ণনা তেঁওৰ নাটকতে প্ৰথম, দেখা যায়। জ্যোতি প্ৰসাদৰ নাটকত চৰিত্ৰ সৃষ্টিত স্বকীয়তা লক্ষ্য কৰা যায়।

‘সতীৰ তেজ’ আৰু ‘অগ্নি পৰীক্ষা’ নামৰ দুখন নাটক আৰু কেইবাখনো প্ৰহসন দণ্ডি নাথ কলিতা অসমীয়া নাট্য সাহিত্যলৈ আগবঢ়াই। ‘সতীৰ তেজত’ জয়মতীৰ কাহিনীক সজীৱ আৰু স্বকীয়তা দান কৰিছে। ‘অগ্নি পৰীক্ষা’ নাটকত ৰামায়ণৰ কাহিনী ভাগ কম পৰিসৰৰ ভিতৰত প্ৰকাশ কৰিছে। চৰিত্ৰ সৃষ্টিত নাট্যকাৰে সফলতা লাভ কৰিছে। এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ তথা অভিনেতা মিত্ৰদেৱ মহন্তই তিনিখন পূৰ্ণাংগ নাটক আৰু কেইবাখনো ধেমেলীয়া নাট ৰচনা কৰিছিল।

অসমৰ মঞ্চ ইতিহাসৰ লেখক অতুল চন্দ্ৰ হাজৰিকা নাট্যকাৰ ৰূপে প্ৰসিদ্ধ। তেঁওৰ নাটক সমূহ শ্ৰেণীভুক্ত কৰি ভগাব পাৰি।

  • (ক) পৌৰাণিক বুৰঞ্জী
  • (গ) বিবিধ বিষয়ক
  • (গ) অনুবাদ

দ্বিতীয় মহাযুদ্ধৰ আগতেই নাট্যকাৰ ৰূপে স্বীকৃতি পাইছিল। আনন্দ চন্দ্ৰ বৰুৱা, গণেশ গগৈ, পাৰ্বতি প্ৰসাদ বৰুৱা, প্ৰসন্ন লাল চৌধুৰী আদিয়ে।

স্বাধীনতা লাভৰ পিছৰ নাট্যকাৰ সকল হ’ল- সাৰদা বৰদলৈ, ফণী শৰ্মা, সত্য প্ৰসাদ বৰুৱা, প্ৰফুল্ল বৰা আদি বহু নাট্যকাৰ সকলৰ নাটক সমূহত বিবিধ সামাজিক সমস্যাৰ প্ৰতিফলন ঘটিছে। পূৰ্ণাঙ্গ নাটকৰ লগতে ৰেডিঅ’ নাটক আৰু একাংকিকাৰ সংখ্যা ও যথেষ্ঠ বাঢ়িছে। ১৮৫৭ চনত প্ৰকাশিত ‘ৰাম নৱমী’ৰ পৰা আৰম্ভ হৈ বহু অসমীয়া নাটক প্ৰকাশিত হৈছে। তথাপি এই কথা স্বীকাৰ কৰিব লাগিব যে ছেক্সপীয়েৰৰ নাটকৰ দৰে অসমীয়া সাহিত্যত এতিয়াও কালজয়ী নাটক সৃষ্টি হোৱা নাই। আৰু ৰচিত হোৱা সৰহ ভাগ নাটকে প্ৰকাশিত ৰূপ পোৱা নাই। স্থায়ী বা ভ্ৰাম্যমাণ ৰঙ্গ মঞ্চ অভিনীত হৈ জনপ্ৰিয়তা অৰ্জন কৰা বহুতো নাট প্ৰকাশৰ অভাৱতে পিচলৈ হেৰাই যায়। এই অপ্ৰকাশিত নাটকবোৰ প্ৰকাশ কৰিব পাৰিলে অসমীয়া নাট্য সাহিত্য চহকী হব।

How Assamese film found its mojo

স্বাধীনতা লাভৰ পিছৰ নাট্যকাৰ সকল হ’ল- সাৰদা বৰদলৈ, ফণী শৰ্মা, সত্য প্ৰসাদ বৰুৱা, প্ৰফুল্ল বৰা আদি বহু নাট্যকাৰ সকলৰ নাটক সমূহত বিবিধ সামাজিক সমস্যাৰ প্ৰতিফলন ঘটিছে। পূৰ্ণাঙ্গ নাটকৰ লগতে ৰেডিঅ’ নাটক আৰু একাংকিকাৰ সংখ্যা ও যথেষ্ঠ বাঢ়িছে। ১৮৫৭ চনত প্ৰকাশিত ‘ৰাম নৱমী’ৰ পৰা আৰম্ভ হৈ বহু অসমীয়া নাটক প্ৰকাশিত হৈছে। তথাপি এই কথা স্বীকাৰ কৰিব লাগিব যে ছেক্সপীয়েৰৰ নাটকৰ দৰে অসমীয়া সাহিত্যত এতিয়াও কালজয়ী নাটক সৃষ্টি হোৱা নাই। আৰু ৰচিত হোৱা সৰহ ভাগ নাটকে প্ৰকাশিত ৰূপ পোৱা নাই। স্থায়ী বা ভ্ৰাম্যমান ৰঙ্গ মঞ্চ অভিনীত হৈ জনপ্ৰিয়তা অৰ্জন কৰা বহুতো নাট প্ৰকাশৰ অভাৱতে পিচলৈ হেৰাই যায়। এই অপ্ৰকাশিত নাটকবোৰ প্ৰকাশ কৰিব পাৰিলে অসমীয়া নাট্য সাহিত্য চহকী হব।

Via By: Asom Khobor
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.