♦ বহু প্রতীক্ষাৰ অন্তত অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানৰ ছবিগৃহত পুৱা ৪ বাজি ২৫ মিনিটত ছবিখনৰ প্ৰথমটো দর্শনী প্ৰদৰ্শন কৰা হয়।
প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ পুৱাই বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীৰ লগতে ডেকা-বুঢ়া নির্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দর্শনীৰ বাবে দর্শকসকলে টিকট ক্ৰয় কৰিছে।




