31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    শব্দ ডট্ অৰ্গৰ অনলাইন অসমীয়া পাঠ্যক্ৰম

    শিক্ষাৰ্থীসকলে বিশেষণ, ক্রিয়া বিশেষণ আৰু নিদিষ্টতা সূচক ব্দ শিকাৰ লগতে ১,০০০তকৈ অধিক শব্দৰ বিভিন্ন শব্দভাণ্ডাৰ শিকিব পাৰিব।

    শব্দ ডট্ অৰ্গ ( Xobdo.org) হৈছে এখন বহুভাষিক অনলাইন অভিধান আৰু উত্তৰ-পূব ভাৰতীয় ভাষাৰ প্ৰচাৰৰ বাবে পৰিচিত সম্প্ৰদায়-চালিত এখন মঞ্চ, যি
    অসমীয়া ভাষা-শিক্ষাক বিশ্বজুৰি অধিক সুলভ কৰি তোলাৰ বাবে এক নতুন পদক্ষেপ হাতত লৈছে। শব্দ ডট্ অৰ্গই অহা ২০ ছেপ্টেম্বৰ ২০২৫ৰ পৰা “Learn Assamese Speaking & Reading-Writing” নামৰ এক অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে। প্ৰধানকৈ ১৪ বছৰ বা তাতকৈ অধিক বয়সৰ শিক্ষাৰ্থীৰ বাবে তৈয়াৰ কৰা পাঠ্যক্ৰমটোত ১৫টা লাইভ পাঠ্যক্ৰম আগবঢ়াব, প্ৰতিটো পাঠ্যক্ৰমৰ বাবে ৫০০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে যদিও প্ৰথম তিনিটা পাঠ্যক্ৰম বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।
    এই পাঠ্যক্ৰমত অসমীয়া ব্যাকৰণৰ বিভিন্ন মৌলিক বিষয়সমূহ— কাল (অতীত, বৰ্তমান, ভৱিষ্যত), একবচন-বহুবচন, বাক্য গঠন,  নঞৰ্থক ৰূপৰ লগতে ২০লৈকে গণনা শিকোৱা হ’ব। দৈনন্দিন জীৱনৰ ব্যৱহাৰিক কথোপকথনতো দৃষ্টি দিয়া হ’ব। শিক্ষাৰ্থীসকলে বিশেষণ, ক্রিয়া বিশেষণ আৰু নিদিষ্টতা সূচক ব্দ শিকাৰ লগতে ১,০০০তকৈ অধিক শব্দৰ বিভিন্ন শব্দভাণ্ডাৰ শিকিব পাৰিব। এক অনন্য বৰ্ণমালা-শিক্ষণ পদ্ধতিৰে আকৃতিভিত্তিক শিক্ষণৰ জৰিয়তে আখৰ শিকোৱা হ’ব, যাতে শিক্ষাৰ্থীসকলে সহজতে মনত ৰাখিব পাৰে। অধিক জানিবৰ বাবে বা নামভৰ্তিৰ বাবে +৯১ ৭০৮৬৭ ৪৮১১৫ WhatsApp নম্বৰত যোগাযোগ কৰিব পাৰিব।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.