31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ! যদি আপুনি এতিয়া টকা প্ৰেৰণ কৰে, আপুনি যথেষ্ট কেছবেক পাব

    "Wabetainfo ৱেবছাইটৰ জৰিয়তে হোৱাটছএপৰ এই সুবিধাটো প্ৰতিবেদনত প্ৰকাশ হৈছে৷ এই ৱেবছাইটৰ দ্বাৰা এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে৷ স্ক্ৰীণশ্বটত চেট উইণ্ডোৰ শীৰ্ষত থকা কেছবেক বেনাৰটো দেখুওৱা হৈছে"

    নতুন দিল্লীঃ বৰ্তমান সময় ডিজিটেল যুগ। ডিজিটেল যুগৰ দ্ৰুত প্ৰসাৰতাই সমগ্র বিশ্বক বহুদূৰ আগুৱাই লৈ গৈছে। ইয়াৰ সমান্তৰালৈ ব্যৱহাৰ হৈছে মোবাইল ফোনৰ। আঙুলি তিপতেই সকলো সম্ভৱ হৈ পৰিছে। ব্যৱহাৰ হৈছে ভিন্ন এপ্লিকেচন। কিন্ত অতি লক্ষণীয় কথা এইটোৱেই যে, অন্যান্য এপ্লিকেচন সমান্তৰাল ভাৱে অতি বেছি ব্যৱহাৰ হোৱা এপ্লিকেচন হৈছে হোৱাটছএপ। আপুনি যদি হোৱাটছ এপ ব্যৱহাৰকাৰী হয়, এতিয়া আপোনাৰ বাবে এটা ভাল খবৰ। কি এই ভাল খবৰ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন। আহি গ’ল হোৱাটছ এপ পে।

    File Photo@Google

    প্ৰতিবেদন অনুসৰি, কোম্পানীৰ নতুন সুবিধাটো কেছবেক নামেৰে মুকলি কৰা হ’ব। এতিয়া এই সুবিধাটো পৰীক্ষা কৰি থকা হৈছে।

    হোৱাটছএপ হৈছে সমগ্ৰ বিশ্বতে এটা অতি জনপ্ৰিয় মেচেজিং এপ৷ প্ৰতি মুহূৰ্তত বহু সংখ্যক লোকে এই এপটো ব্যৱহাৰ কৰে৷ এইবাৰ সকলো হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে এটা ভাল খবৰ আহিছে৷ ইউপিআই পেমেণ্ট ফিচাৰ হোৱাটছএপ পে (WhatsApp Pay) সেৱা মুকলি হোৱাৰ কেইবাদিনো হ’ল৷ এইবাৰ কোম্পানীটোৱে অতি সোনকালেই হোৱাটছএপ পেমেণ্ট ফিচাৰ ব্যৱহাৰকাৰীসকলক কেছবেক দিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷

    Wabetainfo ৱেবছাইটৰ জৰিয়তে হোৱাটছএপৰ এই সুবিধাটো প্ৰতিবেদনত প্ৰকাশ হৈছে৷ এই ৱেবছাইটৰ দ্বাৰা এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে৷ স্ক্ৰীণশ্বটত চেট উইণ্ডোৰ শীৰ্ষত থকা কেছবেক বেনাৰটো দেখুওৱা হৈছে৷ বেনাৰত কোৱা হৈছে (‘Get cashback on your next payment’) ‘আপোনাৰ পৰৱৰ্তী পৰিশোধত কেছবেক প্ৰাপ্ত কৰক’ আৰু( ‘Tap to get started’) ‘আৰম্ভ কৰিবলৈ টেপ কৰক’। এই বাৰ্তাৰ সৈতে, ওপৰত এটা উপহাৰ আইকন আছে।

    ৱেবিটাইনফোৰ প্ৰতিবেদন অনুসৰি, কোম্পানীৰ নতুন সুবিধাটো কেছবেক নামেৰে মুকলি কৰা হ’ব৷ এতিয়াএই সুবিধাটো পৰীক্ষা কৰি থকা হৈছে৷ এতিয়ালৈকে এই সুবিধাটো বিটা ব্যৱহাৰকাৰীসকলৰ বাবেও মুকলি কৰা হোৱা নাই৷ এই সুবিধা কোনে পাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সকলোৱে এই সুবিধা নাপাব যিয়ে এতিয়ালৈকে হোৱাটছএপৰ জৰিয়তে পৰিশোধ কৰা নাই।

    ইউ.পি.আই. কি?

    ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI Pay) হৈছে এক প্ৰকৃত সময়ৰ পৰিশোধ প্ৰণালী। যি মোবাইল এপ্পৰ জৰিয়তে বেংক একাউণ্টলৈ দ্ৰুততাৰে ধন স্থানান্তৰ কৰিব পাৰে। ই বেঙ্ক একাউণ্ট এটাক একাধিক ইউপিআইৰ সৈতে লিংক কৰিবলৈ দিয়ে।

    Source:News18
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds