31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    পাভৈ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলফলে কঢ়িয়াই আনিলে সুনাম ::

    বিশ্বনাথ ২৭ জুন::

    বিশ্বনাথৰ এখন কনিষ্ঠ মহাবিদ্যালয়ে স্থাপন কৰা প্ৰথম বৰ্ষতে বিশ্বনাথত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰী সকলে।

    বিশ্বনাথ পাভৈ অসম অৰুণাচল সীমান্তৰ অতিপিছ পৰা ঠাই পাভৈত অৱস্থিত এখন কনিষ্ঠ মহাবিদ্যালয় খন।

    অসম অৰুণাচল সীমান্ত অতি পিছপৰা এই অঞ্চলৰ লোক সকলে নিজ সন্তানক আৰ্থিক দুৰৱস্থাৰ বাবে ভাল বিদ্যালয় এখনত অধ্যয়ন কৰাবলৈ সক্ষম নহয়।

    কিন্তু এই অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ হৈ থিয় দিলে বিশ্বনাথ মানৱ দৰদী চিকিৎসক তথা বিশিষ্ট সমাজ কৰ্মী ডাক্তৰ ৰঞ্জন গগৈয়ে।

    বিশ্বনাথৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে এখন ভাল বিদ্যালয়ত অধ্যয়ন কৰাৰ পৰা বঞ্চিত নহয়।তাৰ প্ৰচেষ্টাত অঞ্চলটোতে চিকিৎসক ডাঃ ৰঞ্জন গগৈয়ে আনুষ্ঠানিক ভাবে মুকলি কৰিলে পাভৈ ছিনিয়ৰ ছেকেণ্ডৰি নামৰ এখন কনিষ্ঠ মহাবিদ্যালয়।

    প্ৰথম বৰ্ষ হিচাপে ৩৭ গৰাকী অতি দৰিদ্ৰ ছাত্ৰ -ছাত্ৰীলৈ আৰম্ভ কৰা ক’লা শাখাৰ কনিষ্ঠ মহাবিদ্যালয় খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আজি সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল পাভৈ অঞ্চলত।

    আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলে বিশ্বনাথৰ পাভৈ এই কনিষ্ঠ মহাবিদ্যালয়খনৰ ক’লা শাখাৰ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে এগৰাকী ছাত্ৰই Distinction,তিনি গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ লাভ কৰিবলৈ সক্ষম হৈছে।বাকী ৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান,১৪ গৰাকী দ্বিতীয় আৰু ১৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ সু-নাম কঢ়িয়াই আনিলে পাভৈ অঞ্চলত।

    আনহাতে এই কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজীৱ হাঞ্চে আৰু ৰঞ্জন তেৰঙৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে মহাবিদ্যালয় খনত স্বত্বাধিকাৰী ড০ৰঞ্জন গগৈয়ে মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ৰাজীৱ হাঞ্চে আৰু ৰঞ্জন টেৰঙৰ উচ্চ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব নিজা ববীয়াকৈ গ্ৰহণ কৰিব বুলি ঘোষনা কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds