31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    চিল্কয়াৰা সুৰংগত আৱদ্ধ ৪১ গৰাকী শ্রমিকঃ উদ্ধাৰ অভিযান অব্যাহত

    ♦ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিৰ সৈতে ফোন যোগে উত্তৰ কাশী জিলাৰ চিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকী শ্রমিকক সুকলমে উদ্ধাৰ বাবে অব্যাহত থকা অভিযানৰ সন্দর্ভত সবিশেষ বুজ লয়। আটাইকেইজন শ্রমিকক উদ্ধাৰৰ বাবে কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় সকলো সা-সামগ্ৰী আৰু সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে বুলি প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, কেন্দ্রীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ পাৰস্পৰিক সহযোগিতাৰে শ্রমিককেইজনক সুকলমে উদ্ধাৰ কৰা হ’ব। এই বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রী ধামিয়ে প্রধানমন্ত্রী মোদীক সাহায্য আৰু উদ্ধাৰ অভিযানৰ সবিশেষ অৱগত কৰে।

    Silkyara Tunnel collapse: Trapped workers to be rescued with almost metre-long steel pipe

    উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ চিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকী শ্রমিকক উদ্ধাৰৰ বাবে তীব্রগতিত অভিযান অব্যাহত আছে। নির্মাণৰত সুৰংগটোৰ এটা অংশ যোৱা ১২ নৱেম্বৰত খহি যোৱাৰ ফলত শ্রমিককেইজন সুৰংগটোত আৱদ্ধ হৈ পৰে। উদ্ধাৰ অভিযানৰ সবিশেষ বুজ লোৱাৰ বাবে আন্তঃৰাষ্ট্রীয় সুৰংগ নির্মাণ আৰু ভূগর্ভস্থ স্থান সংস্থাৰ সভাপতি প্ৰফেছৰ আৰ্ণল্ড ডিক্স আজি দুর্ঘটনাস্থলীত উপস্থিত হৈছে। প্ৰফেছৰ আৰ্ণল্ড ডিক্স হৈছে সুৰংগ নির্মাণ আৰু ইয়াৰ লগত জড়িত সুৰক্ষাকে ধৰি আন বিষয়সমূহৰ ক্ষেত্ৰত সমগ্র বিশ্বতে খ্যাতি থকা অন্যতম বিশেষজ্ঞ। প্ৰফেছৰ আৰ্ণল্ড ডিক্সে সুৰংগটো পৰিদৰ্শন কৰাৰ লগতে এই উদ্ধাৰ কাৰ্যৰ লগত জড়িত সংস্থাসমূহৰ বিষয়ববীয়াৰ সৈতে মত-বিনিময় কৰে।

    Uttarakhand Tunnel Crash News Live Updates: DRDO's robotics machine team and international tunneling experts reach site for rescue operation - The Times of India

    বেল বিকাশ নিগম লিমিটেডে আৱদ্ধ শ্ৰমিকসকলৰ প্রয়োজনীয় সামগ্রী যোগান ধৰাৰ বাবে আন এটা পাইপলাইন স্থাপনৰ বাবে কাম আৰম্ভ কৰিছে। সীমান্ত পথ উন্নয়ন সংস্থাই এদিনৰ ভিতৰতে যাতায়াত আৰু সামগ্রী সৰবৰাহৰ বাবে এটা পথৰ নির্মাণ সম্পূর্ণ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাই সকলোধৰণৰ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে চিল্কায়াৰাত খনন কার্য অব্যাহত ৰাখিছে। সেনাবাহিনীয়ে ইয়াৰ বাবে বিশেষভাবে সহযোগিতা আগবঢ়াই আছে।

    Silkyara Tunnel | Dark Diwali for families of trapped Silkyara Tunnel workers - Telegraph India

    ইফালে কেন্দ্ৰীয় চৰকাৰেও সুৰংগটোত আৱদ্ধ হৈ থকা শ্রমিকসকলৰ সৈতে একেৰাহে যোগাযোগ অব্যাহত ৰখাৰ লগতে তেওঁলোকক উদ্ধাৰৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে। সুৰংগটোৰ শ্রমিককেইজন আৱদ্ধ হৈ থকা অংশটোত বিদ্যুৎ আৰু পানী যোগান অব্যাহত আছে। চৰকাৰে ৪ ইঞ্চিৰ বিশেষ পাইপৰ সহায়ত তেওঁলোকৰ বাবে খাদ্য সামগ্ৰী আৰু ঔষধৰ যোগান অব্যাহত ৰাখাৰ কথা প্ৰকাশ কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds