31.3 C
Guwahati
Thursday, November 13, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাস আমাৰ আটক ধুনীয়া সংস্কৃতি , ৰাসৰ উত্তৰণৰ যাত্ৰা অব্যাহত থাকক  জুবিন

    ৰাস আমাৰ আটক ধুনীয়া সংস্কৃতি , ৰাসৰ উত্তৰণৰ যাত্ৰা অব্যাহত থাকক  জুবিন

    অৰুণাচলক সামৰি বিশ্বনাথ চাৰিআলি এক হাৱ অঞ্চল হয় । পৰ্যটনৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে বিশ্বনাথ।বিশ্বনাথক লৈ মোৰ সপোন আছে ‌জুবিন

    বিশ্বনাথৰ উত্তৰ চাৰিআলিৰ ৰাসত উপস্হিত হল জুবিন গাৰ্গ

    সাংবাদিক আমিৰ খান আৰু জোনমনি বেগমে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাঁৱত।

    ইছলাম ধৰ্মালম্বী দম্পতীৰ দুৰ্দান্ত ভাঁৱে মন মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকৰ

     

    বিশ্বনাথ চাৰিআলি ১০ নৱেম্বৰ –

    ৰাস আমাৰ আটক ধুনীয়া সংস্কৃতি , ৰাসৰ উত্তৰণৰ যাত্ৰা অব্যাহত থাকক ।অৰুণাচলক সামৰি বিশ্বনাথ চাৰিআলি এক হাৱ অঞ্চল হয় । বিশ্বনাথত বহু ঠাই আছে য’ত পৰ্যতনৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে ।বিশ্বনাথক লৈ মোৰ সপোন আছে। ‌এই মন্ত্যব জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ।আজি বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰাস উদ্বোধন কৰি এই মন্তব্য কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি ভূঞাই বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসবে ২৫বছৰীয়া অনন্য যাত্ৰাই অঞ্চল টোত পৰ্য্যটনৰ দিশত এঢাপ আগবঢ়াই নিয়া বুলি মন্তব্য কৰে। অনুষ্ঠানত বিশ্বনাথৰ হিচাবে অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে। ৰাসত উপস্থিত থকাবিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মালম্বী দম্পতীয়ে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাঁৱত।নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ অভিনয়ে মনমুগ্ধ কৰি তোলে হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক।

    যি সময়ত জাতী ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰিছে।সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মালম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতীৰ সম্প্ৰতিৰ এনাজৰি ডাল মজবুত কৰিবলৈ গ্ৰহন কৰা এই পদক্ষেপে বিশেষ তাপৎয্য বহন কৰিছে আৰু এই ইছলাম ধৰ্মালম্বী দম্পতী হালে যোৱা বৰ্ষও এই উত্তৰ চাৰিআলি ৰাস ভূমিত নন্দ যশোদাৰ ভাঁৱত অবতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।উল্লেখ যে বিশ্বনাথৰ আঢ্যবন্ত সংস্কৃতিৰ নিটোল ৰূপত উপস্হাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি অন্তিমটো নিশা।পাঁচ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা এই ৰাস উৎসৱৰ আজি অন্তিমটো নিশা ৰাসৰ শুভ উদ্ধোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্থঅফ জুবিন গাৰ্গে।উদ্ধোধণী অনুষ্ঠানত জুবিনে গাৰ্গে এই ৰাস মহোৎসৱ প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰে আৰু কয় ,ৰাস আমাৰ আটক ধুনীয়া সংস্কৃতি , ৰাসৰ উত্তৰণৰ যাত্ৰা অব্যাহত থাকক ।

    তদুপৰি অৰুণাচলক সামৰি বিশ্বনাথ চাৰিআলি এক হাৱ অঞ্চল হয় । বিশ্বনাথত বহু ঠাই আছে য’ত পৰ্যতনৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে ।বিশ্বনাথক লৈ মোৰ সপোন আছে ।এক প্ৰকাৰে জুবিন গাৰ্গক সন্মূকৰ পৰা প্ৰতক্ষ্য কৰিবলৈ আৰু ইছলাম ধৰ্মালম্বী দম্পতী আমিৰ খান আৰু জোনমনি বেগমৰ ভাও চাবলৈ এক জনসমূদ্ৰত ৰূপান্তৰিত হল উত্তৰ চাৰিআলি ৰাস বাকৰি।ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা,কাৰ্যকৰী সভাপতি বসন্ত বৰা, যুটীয়া সাধাৰণ সম্পাদক গৌতম দাধৰা, মলয় বৰা, যুটীয়াসম্পাদক ঈশ্বৰ শইকীয়া, ধনটি দত্ত, বুল ভূঞাকে ধৰি উদযাপন সমিতিয়ে এই ৰাস বাকৰিৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে।গুৰুজনাৰ যি সপোন আছিল বিভিন্ন জাতি জনগোষ্ঠি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহত অসমীয়া জাতি নিৰ্মান কৰি বৰ অসম গঢ়ি তোলা।গুৰুজনাৰ এই নীতিকে অনুসৰণ কৰি উদযাপন সমিতিয়ে আগবাঢ়াৰ প্ৰয়াসে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

     

    ইফালে কালি নিশা জন সমূদ্ৰত পৰিণত হয় বিশ্বনাথৰ ৰেল গেটৰ ৰাস বাকৰি। কালি গুৰু বন্দনা, অনন্ত শয্যা,নন্দোৎসৱ,পুতনা বধ আৰু কালীয় দমন নাতিকাই দৰ্শকক আপ্লুত কৰে।ইফালে প্ৰথম নিশাৰ নন্দোৎসৱ নাতিকা ক অন্যান্য ভাউৰীয়া ৰ লগতে মাণিক গোৱালাকে ধৰি অভিনেতা অভিনেত্ৰী সকলৰ অভিনয়ে ৰাইজক আপ্লুত কৰে। ইফালে মুছলমান শিল্পী হামিদা খাতুন, মঞ্জিত বৰঠাকুৰ, ভ্যাস্বতী কেউট ,জনপ্ৰিয় গায়ক শ্যাম নাগ আদিৰ কণ্ঠৰ ৰাস গীতে মন্ত্ৰ মুগ্ধ কৰি ৰাখে হাজাৰ হাজাৰ দৰ্শকক।photo ase

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds